গুৱাহাটীঃ ৰাজ্যৰ প্ৰাক্তন মুখমন্ত্ৰী তৰুণ গগৈয়ে শুকুৰবাৰৰ দিনটোত ৮৪ বছৰ বয়সত ভৰি থয়। পিতৃৰ এই ওপজা দিনটোত তেওঁৰ কন্যাই দিলে চাৰপ্ৰাইজ। বিবাহ সূত্ৰে চান ফ্ৰান্সিক’ত থকা চন্দ্ৰিমা গগৈয়ে পিতৃক চাৰপ্ৰাইজ দিবলৈকে নজনোৱাকৈ আহি গুৱাহাটীৰ ঘৰত উপস্থিত হৈছিল। সেইদিনা আছিল দুৰ্গা পূজাৰ নৱমী। সেইদিনা পূজা চাবলৈ ওলাই গৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীজন। এসময়ত ঘৰলৈ ঘূৰি আহি তেওঁৰ কন্যা সহিতে নাতিনী আৰু জোঁৱাইক প্ৰত্যক্ষ কৰি আনন্দত আত্মহাৰা হৈ পৰিছিল তেওঁ। পিছতহে গগৈয়ে সেয়া তেওঁৰ জন্মদিনৰ চাৰপ্ৰাইজ বুলি গম পালে।













