গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰি আকৌ আটক হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ প্ৰমুখ্যে আন কেইবাজনো প্ৰতিবাদকাৰী। ‘কেব’ৰ বিৰুদ্ধে ৰাজ্যজুৰি সজাগতা অভিযানৰ পাতনি মেলাৰ লক্ষ্যৰে কৃষক মুক্তিৰ নেতৃত্বত শুকুৰবাৰে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত প্ৰতিবাদ কৰোতেই পুনৰ একে দশা হয় প্ৰতিবাদকাৰীসকলৰ। প্ৰতিবাদস্থলীৰপৰা গুৱাহাটী আৰক্ষীয়ে তেওঁলোকক আটক কৰি পানবজাৰ থানালৈ নিয়ে। এই কাৰ্যক অখিলে অগণতান্ত্ৰিক আখ্যা দিয়ে।













