গুৱাহাটীঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰে অ-আনুষ্ঠানিক বৈঠকত অংশগ্ৰহণৰ অৰ্থে শুকুৰবাৰে চেন্নাইত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে অৱতৰণ কৰাৰ লগে লগে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু সুৰক্ষা সেনাই। মূলতঃ চীন-ভাৰতৰ সীমা সমস্যাকে প্ৰমুখ্য কৰি কেতবোৰ আন্তঃৰাষ্ট্ৰীয় প্ৰসংগত ভাৰতক লৈ চীনৰ দুমুখীয়া স্থিতিৰ বিৰোধিতাৰেই ৰাষ্ট্ৰপতিজনৰ ফটো আৰু চীনৰ পতাকা দাহ কৰে সংগঠনটোৰ কৰ্মীসকলে।













