![]()
কোভিড গুচি যোৱা বুলি ভবাটো ঠিক নহয়। এতিয়াও ৰৈ গৈছে। ৰূপ সলাইছে ‘বহুৰূপী’ৰ দৰে। এই সৱধানবাণী খোদ প্রধানমন্ত্রীৰ। এক ভার্চুৱেল সভাত দেশবাসীক পুনৰবাৰ সাৱধান কৰিলে প্ৰধানমন্ত্ৰীয়ে।
গুজৰাটৰ জুনাগড়ত উমিয়া মাতা মন্দিৰৰ ১৪তম প্রতিষ্ঠা দিৱসত ভার্চুৱেল মাধ্যমত বক্তব্য ৰাখে মোদীয়ে। তাতেই উত্থাপন কৰে কোভিড আৰু টীকাৰ প্রসঙ্গ। তেওঁ কয়, ইতিমধ্যে ১৮৫ কোটি পালি টীকা দিয়া হৈছে।













