"আত্মসমৰ্পন কৰা তিনিওজন প্ৰাক্তন এনডিএফবি সদস্য আৰু তিনিওজনে চৰকাৰৰ পুনঃসংস্থাপন আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহাৰ্য্যও লাভ কৰিছিল।"

চিৰাং আৰক্ষীৰ ঐকান্তিক প্ৰচেষ্টাৰ পিছত এতিয়া চিৰাং জিলাত অপৰাধমূলক কাৰ্যসূচীৰ সৈতে জড়িত সকল আতংকিত হৈ পৰিছে। এই আতংকৰ ফলতেই তিনি যুৱকে আজি আমগুৰি থানাত নিজকে আত্মসমৰ্পণ কৰে। আজি আমগুৰি থানাত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ উপস্থিতিত আত্মসমৰ্পন কৰা তিনি অভিযুক্ত ক্ৰমে দেবানন্দ নাৰ্জাৰী (৩৭), মদন দৈমাৰী (২৯) আৰু বিশ্ব মুছাহাৰী (২২) চিৰাং আৰক্ষীৰ অভিযানত বিগত দিনত নিহত দুধৰ্ষ ডকাইত মহন্ত নাৰ্জাৰীৰ সহযোগী তথা যোৱা ২৯ মাৰ্চৰ নিশা আমগুৰি থানাৰ অন্তৰ্গত দুখন গাঁৱৰ দুটা পৰিয়ালৰ ঘৰৰ চৌহদত পাঁচ জাঁই গুলী ফুটাই কেইবালাখ নগদ ধন আৰু সোণৰ অলংকাৰ লুটি নিয়া কাৰ্যৰ সৈতে জড়িত বুলি প্ৰকাশ কৰে।

চিৰাং আৰক্ষীয়ে উক্ত অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰখাৰ সময়তে জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই এখন সংবাদ মেলৰ জৰিয়তে জিলাখনৰ সমাজবিৰোধী তথা অপৰাধ মূলক কাৰ্যৰ সৈতে জড়িত সকলক আত্মসমৰ্পণ কৰাৰ বাবে আহ্বান জনাইছিল। অন্যথা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি দিছিল।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তথা সকিয়নীৰ ভয়ত আজি তিনি যুৱকে আত্মসমৰ্পণ কৰে। উল্লেখ্য যে, আত্মসমৰ্পন কৰা তিনিওজন প্ৰাক্তন এনডিএফবি সদস্য আৰু তিনিওজনে চৰকাৰৰ পুনঃসংস্থাপন আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহাৰ্য্যও লাভ কৰিছিল।