গুৱাহাটীঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এনএইচএমৰ বিভিন্ন আঁচনিসমূহ ৰূপায়ণত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে অসমে। একে পাৰদৰ্শিতা প্ৰদৰ্শন কৰা দেশৰ শীৰ্ষ ৫ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত স্থান লাভ কৰিছে অসমে। অসমৰ বাহিৰে এনে বাকীকেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল হৈছে দাদৰা নগৰ হাভেলী, হাৰিয়ানা, কেৰেলা আৰু পাঞ্জাৱ। ইফালে অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু ছিকিমে ৭৫ শতাংশৰ সম্পূৰ্ণ টীকাকৰণৰ লক্ষ্য পূৰণ কৰিব নোৱাৰাকৈ থাকে।













