গুৱাহাটীঃ অসম আন্দোলনৰ ফলশ্ৰুতিত গঠিত অসম গণ পৰিষদৰ জন্মলগ্নৰ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অগপৰ আমোলৰ মন্ত্ৰী ডাঃ জয়নাথ শৰ্মা আৰু দুৰ্গাদাস বড়োৱে পুনৰ আঞ্চলিকতাবাদী শিৱিৰলৈ উলটি আহিব বুলি বৃহস্পতিবাৰে সংবাদ মাধ্যমক জনাইছে দলটোৰ মুখপাত্ৰ মনোজ শইকীয়াই। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন শেষৰটো কাৰ্যকালত কংগ্ৰেছত যোগদান কৰা অগপৰ এই তিনিগৰাকী আগশাৰীৰ নেতাই অহা ১৪ অক্টোবৰত অভয়াপুৰীত অনুষ্ঠিত হ’বলগীয়া অগপৰ প্ৰতিষ্ঠা দিৱসতে পুনৰ দলটোত যোগদান কৰিব বুলি মুখপাত্ৰ শইকীয়াই অৱগত কৰে। উল্লেখযোগ্য যে কংগ্ৰেছৰ মজিয়াত তিনিও মুখপাত্ৰৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। শইকীয়াৰ মতে, সেইদিনা আন কেইবাজনো নেতায়ো অগপত যোগদান কৰিব।













