![]()
কোকৰাঝাৰ অভয়াখুঁটিত বিগত ৯মাহৰ পূৰ্বে সংঘটিত জঘন্য ধর্ষণকাণ্ড ৩অভিযুক্তক দোষী সাব্যস্ত আদালত। মূল অভিযুক্ত পাৰিজুল ৰহমান, নাচিবুল আলী শ্বেখ আৰু মুজাম্মিল শ্বেখক দোষী সাব্যস্ত কৰে কোকৰাঝাৰ জিলা বিশেষ আদালতে।
ইফালে ৮এপ্ৰিলত তিনিগৰাকী দোষীৰ শাস্তি পৰিমাণ ঘোষণা কৰিব ন্যায়ালয়ে।উল্লেখ্য প্ৰায় ৯মাহ পূৰ্বে অভয়াখুঁটিত দুগৰাকী কিশোৰী ভগ্নীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰি হাবিৰ এজোপা গছত ওলোমাই ৰাখিছিল।
২০২১বৰ্ষ ১১জুনত সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাত জড়িত অভিযোগত ৭অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।৭অভিযুক্ত ৩মূল অভিযুক্ত বিৰুদ্ধে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত সামৰি আদালতত দাখিল কৰিছিল অভিযোগনামা।ইফালে জঘন্য ধৰ্ষণ আৰু হত্যা বলি হোৱা দুইকিশোৰী মাতৃক ক্ষিপ্ৰ তদন্ত আৰু শীঘ্ৰ ন্যায়ৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰীয়ে।













