![]()
কেনেদৰে বৃহৎ ডিছকাউন্ট দিয়ে? বজাৰ দখলৰ বাবে অসৎ পথত গৈছে নেকি খাদ্য ডেলিভাৰী কোম্পানী? এই প্ৰশ্নৰ সন্মুখীন এতিয়া ছুইগি আৰু জমেটো। এইবাৰ এই সন্দৰ্ভত তদন্তত নামিল ‘কম্পিটিচন কমিছন অব ইণ্ডিয়া’ বা চিচিআই।
ভাৰতৰ ৰাষ্ট্ৰীয় ৰেস্তোৰাঁ আয়োগে এক অভিযোগ দাখিল কৰিছিল। দেশৰ ৫০ হাজাৰ ৰেস্তোৰাঁ এই সংগঠনৰ সৈতে জড়িত। তাৰ ভিত্তিতেই পোহৰলৈ আহে বিষয়টি।
ছুইগি আৰু জমেটোৰ বিৰুদ্ধে বহু অভিযোগ তুলি তদন্তৰো দাবী কৰিছে ৰাষ্ট্ৰীয় ৰেস্তোৰাঁ আয়োগে। তাৰ পৰিপ্রেক্ষিততেই এইবাৰ তদন্ত কৰিছে চিচিআইয়ে। কোম্পানী প্রতিযোগিতা আইনৰ ৩(৩) আৰু ৩(৪) ধাৰা উলঙ্ঘন কৰিছে নেকি, সেয়াও তদন্ত কৰিব। ৬০ দিনৰ ভিতৰত তদন্তৰ ৰিপোর্ট জমা দিবলৈ কোৱা হৈছে চিচিআইক।
ৰাষ্ট্ৰীয় ৰেস্তোৰাঁ আয়োগৰ অভিযোগ অনুসৰি, একোখন ৰেস্তোৰাঁৰ পৰা জমেটো আৰু ছুইগিয়ে ২০-৩০ শতাংশ কমিছন লয়। প্রতিটো অর্ডাৰ মূল্যৰ ওপৰত ২৭.৮ শতাংশ কমিছন লোৱা হয়। আৰু ক্লাউড কিচ্চেনৰ তৰফৰ পৰা ৩৭ শতাংশ কমিছন লোৱা হয়। ইয়াৰ পিছত কেনেদৰে খাদ্যৰ মান ভালে থাকে, তাকে লৈয়েই প্রশ্ন উঠিছে।













