![]()
১৫ দিনে ১৩ বাৰ! ৰুটিনমাফিক বাঢ়িয়েই গৈ আছে পেট্র’ল–ডিজেলৰ মূল্য। লিটাৰত ৮০ পইচা বাঢ়িছে ডিজেলৰ মূল্য। আনহাতে, লিটাৰত পেট্র’লৰ মূল্য বাঢ়িছে ৮৩ পইচা।
মঙ্গলবাৰে পুৱা ৬টাৰ পৰা কার্যকৰী হৈছে এই দাম। উল্লেখযোগ্য যে, প্রায় চাৰে চাৰি মাহৰ বিৰতিৰ পিছত বিগত ১৫ দিনত কেইবাটাও পৰ্যায়ত ৯ টকা ২০ পইচা বৃদ্ধি হ’ল পেট্র’ল–ডিজেলৰ মূল্য। যাৰ প্রভাৱ পৰিছে বজাৰত।
এই মুহূর্তত মুম্বাইত ইন্ধনৰ মূল্য সৰ্বাধিক।
দেশৰ বাণিজ্য নগৰীত পেট্র’লৰ দাম ১১৯.৬৭ টকা আৰু ডিজেলৰ ১০৩.৯২ টকা। দিল্লীততে পেট্র’লৰ দাম লিটাৰত ১০৪.৬১ টকা আৰু ডিজেলত ৯৫.৮৭ টকা। আনহাতে, গুৱাহাটীত আজি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হৈছে লিটাৰত ক্ৰমে ১০৪.৭৭ টকা আৰু ৯০.৫৬ টকা।













