![]()
অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত আৰক্ষীয়ে সুদীৰ্ঘ দিন ধৰি ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰখাৰ সময়তে আজি পুনৰ আৰক্ষীয়ে আন এক সফল অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইন, বিলাসী বাহন, নগদ ধন আৰু দুই সহযোগীসহ এগৰাকী কুখ্যাত মহিলা ড্ৰাগছ মাফিয়াক জালত পেলাবলৈ সক্ষম হয়।

স্মৰ্তব্য যে, যোৱা 12 জানুৱাৰীত আৰক্ষীয়ে খটখটীৰ কুখ্যাত ড্ৰাগছ মাফিয়া বাবা হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগছ মাফিয়াটোৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ হেৰʼইন তথা কেইবাখনো বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল। উক্ত ঘটনাৰ পম খেদি ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখাৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ মূল নায়িকা এল এইচ ৰাণীৰাও নামৰ মহিলা ড্ৰাগছ মাফিয়াগৰাকীৰ তথ্য লাভ কৰে।
বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তেতিয়াৰে পৰা আৰক্ষীৰ এটা বিশেষ দলে মহিলাগৰাকীৰ গতি বিধিৰ ওপৰত নজৰ ৰাখি অহাৰ পিছত অৱশেষত আজি দিনৰ প্ৰায় এঘাৰ বজাত আৰক্ষীৰ এটা বৃহৎ দলে বৰলেংৰী নামৰ ঠাইত অভিযান চলাই দুই সহযোগীসহ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ অন্যতম মূল নায়িকা তথা মণিপুৰৰ সেনাপতি জিলাৰ এল এইচ ৰাণীৰাও (45)ক আটক কৰিবলৈ সক্ষম হয়।
মহিলাগৰাকীৰ জিম্মাৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে 33টা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত 401 গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও তিনি কোটি টকা বুলি অনুমান কৰা হৈছে। মহিলাগৰাকীয়ে খটখটী থানাৰ অন্তৰ্গত বৰলেংৰিত বসবাস কৰি এনে তৎপৰতা অব্যাহত ৰাখিছিল।

ধৃত আন দুই সহযোগী ক্ৰমে মহিলাগৰাকীৰ স্বামী তথা মণিপুৰৰ পুৰুলয় কিংবা খুনৌৰ আৰ এন সুৰিন্দৰ (52) আৰু বৰলেংৰী নিবাসী পিফখʼ মাও (42) বুলি চিনাক্ত কৰা হৈছে। বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌলিক ব্ৰহ্ম, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰা, উপ-পৰিদৰ্শক ৰাজীৱ বৰা, কাৰাগাঁও টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল শইকীয়া, সহকাৰী উপ-পৰিদৰ্শক অৰুণ কুমাৰ নাথৰ সহযোগিতাত চলোৱা এই অভিযানত চিআৰপিএফ আৰু কমাণ্ডো বাহিনীয়েও অংশ লয়।
অভিযানকাৰী দলটোৱে ইয়াৰ উপৰিও এএছ-01-এটি-6020 নম্বৰৰ এখন স্কৰপিঅʼ, এছ-01-ডি কিউ-5657 নম্বৰৰ এখন ছুজুকী এছ ক্ৰছ, এন এল-07-এফ-4411 নম্বৰৰ এখন অটোৰিক্সা, 3,58,000 নগদ ধন, গহনা আৰু আন কেতবোৰ নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।













