![]()
সকলো জাতি,জনগোষ্ঠীয় লোকৰ অংশগ্ৰহণে যীশুৰ নামত একত্ৰিত হৈ নিজাং কাৰবি বাপ্তিষ্ট চাৰ্ছৰ প্ৰেক্ষাগৃহৰ চৌহদত উদযাপন কৰা হয় সোণালী জয়ন্তী৷ এই উপলক্ষে শুক্ৰবাৰৰ পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তীৰ উৎসৱমুখৰ হৈ পৰে সমগ্ৰ পৰিবেশ৷ কাৰ্যসুচী অনুসৰি প্ৰথম দিনা সোণালী জয়ন্তী স্মৰণিকা উন্মোচন কৰে ৰুপছিং ইংলেঙে৷
দ্বিতীয় দিনাৰ শনিবাৰে পুৱা জেম’চ দেৰাই পতাকা উত্তোলন কৰি শান্তিৰ কপৌ এৰা হয়৷ তদুপৰি ৫০ বছৰ সম্পূৰ্ণ হোৱা সোণালী জয়ন্তীৰ উপলক্ষে শিঙা বজাই শিলান্যাস মুকলি কৰে ৰেভাৰেন্ট কৰ্ণ ছিং বড়োবে ৷

ইয়াৰ পিছতেই সাংস্কৃতিক অনুষ্ঠানত জনগোষ্ঠীয় কাৰ্বি, বড়ো, অসমীয়া বিহুৰ বৰ্ণিল নৃত্য পৰিবেশ কৰা হয়৷ দেওবাৰে সামৰণি অনুষ্ঠানত বিধায়ক ৰুপছিং টেৰণ উপস্থিত থাকি কৰ্ণছিং বড়ো, জেমচ্ ডেৰা,ৰঞ্জিত বে, বীনিছ তিছপিক জীৱন জোৰা কৃতিত্ব বঁটা প্ৰদান কৰে৷ সোণালী জয়ন্তীৰ অনুষ্ঠান মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰেভেৰেন্ত ডঃ চলুমন ৰংপি, ৰেভেৰেন্ত বেন্টিং টেৰণ, ছেমচন ছিং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অনন্ত কুমাৰ বৰা।













