![]()
যোৱা শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি পলাশ ৰঞ্জন বৰুৱাই ১৯ নং ডিফু (জনজাতীয়) বিধান সভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেঙৰ শিক্ষাগত অৰ্হতাকলৈ প্ৰশ্ন উত্থাপন কৰি ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত এটি ফৌজদাৰী গোছৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত এটি ৰীট আবেদন দাখিল কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক বিদ্যাছিং ইংলেঙে ৷
আজি ডিফুত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰয়া প্ৰকাশ কৰি বিধায়ক গৰাকীয়ে এজেপিৰ উপসভাপতি গৰাকীক উভতি ধৰি কয়যে, ‘নিৰ্বাচন শেষ হোৱাৰ পিছত এজেপিয়ে মোৰ শিক্ষাগত অৰ্হতাকলৈ নিৰ্বাচন আয়োগৰ ওচৰত কিয় কাষ চপা নাই? কাষ চপা হলে হয়তো নিৰ্বাচন আয়োগে মোক জবাবদিহি কৰাৰ লগতে মোক নিৰ্বাচিত প্ৰতিনিধি পদৰ পৰা খাৰিজ কৰিব পাৰিলেহেতেন ৷”
এজেপিৰ নেতাই দিয়া গোছৰকলৈ মহামান্য আদালতৰ পৰা জাননী পালে তেওঁ সংশ্লিষ্ট আদালতক তেওঁৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখল কৰাৰ লগতে উত্তৰ দিব বুলি জানিব দিয়ে বিধায়ক গৰাকীয়ে ৷ উল্লেখযোগ্য এজেপিৰ কেন্দ্ৰীয় নেতা পলাশ ৰঞ্জন বৰুৱাই ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে নিৰ্বাচনী বিষয়াৰ ওচৰত নিৰ্বাচনত প্ৰতিদ্বন্ধিতা কৰিবলৈ শিক্ষাগত অৰ্হতা হিচাপে নিৰ্বাচন ভেদে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ভিন্ন তথ্য দাখিল কৰি সংশ্লিষ্ট আইন উলংঘা কৰিছে বুলি অভিযোগ কৰিছে ৷













