![]()
বিজেপিৰ ইতিহাসত এই প্রথম। সংসদীয় ৰাজনীতিত ১৯৯০ চনৰ পিছত এই ঘটনা দেখা যোৱা নাছিল। ৰাজ্যসভাত ১০০ সদস্যৰ সংখ্যা স্পৰ্শ কৰিলে বিজেপিয়ে।
বৰ্তমান ৰাজ্যসভাত বিজেপিৰ সাংসদ সংখ্যা ৯৭। সম্প্রতি অসম, ত্রিপুৰা আৰু নাগালেণ্ডৰ পৰা এখনকৈ মুঠ তিনিখন ৰাজ্যসভাৰ আসন জয়ৰ পিছত তেওঁলোকৰ ৰাজ্যসভাত সাংসদৰ সংখ্যা ১০০ হয়।
সম্প্রতি ৬ ৰাজ্যৰ ১৩খন ৰাজ্যসভা আসনৰ বাবে নির্বাচন হয়। ইমান দিনে পঞ্জাবত বিজেপিৰ এজন ৰাজ্যসভাৰ সাংসদ আছিল। এইবাৰ তাত বিজেপি শূন্য।
কিন্তু উত্তৰ-পূবৰ তিনি ৰাজ্যৰ পৰা এখনকৈ আসন পায় পদ্ম শিবিৰে। পঞ্জাবৰ সাতখনৰ ভিতৰত পাঁচখন ৰাজ্যসভা আসন আম আদমি পার্টিৰ দখলত।
২০১৪ত যেতিয়া নৰেন্দ্র মোদী দেশৰ প্রধানমন্ত্রী হয়, তেতিয়া ৰাজ্যসভাত বিজেপিৰ সদস্য সংখ্যা আছিল ৫৫।
সেয়া ক্রমশ বাঢ়ি গৈ ১০০ স্পৰ্শ কৰে। ইয়াৰ পূৰ্বে ১৯৯০ চনত এশ বা ততোধিক সদস্য সংখ্যা আছিল কংগ্রেছৰ। সেই সময়ত ৰাজ্যসভাত কংগ্রেছৰ সদস্য আছিল ১০৮। কিন্তু তাৰ পিছৰ পৰাই সেয়া ক্রমশ নামিবলৈ আৰম্ভ কৰে।













