![]()
তিনি দিনৰ ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে নেপালৰ প্রধানমন্ত্রী শ্বেৰ বাহাদুৰ দেউবা। তেওঁৰ ভ্ৰমণসঙ্গী নেপালৰ এটা শীর্ষ পর্যায়ৰ প্রতিনিধি দল। দেউবাৰ সৈতে আহিছে পত্নী আৰজুও।
বিগত জুলাইত নেপালৰ মচনদলৈ প্রত্যাবর্তনৰ পিছত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আমন্ত্রণত ভাৰত ভ্ৰমণলৈ আহিছে দেউবা।
ইফালে দেউবাৰ দল নেপালী কংগ্রেছৰ গুৰুত্বপূর্ণ নেতা বিজয় চৌথাইৱালে জনাইছে, বিজেপি সভাপতি জে পি নাড্ডাৰ আমন্ত্রণত বিজেপি কাৰ্যালয়লৈ যায় দেউবা। তেওঁৰ দলৰ শীর্ষ নেতৃত্বও তাত উপস্থিত আছিল।
আনহাতে, হায়দৰাবাদ হাউছত মোদীৰ সৈতে দেউবা এক বৈঠকত মিলিত হোৱাৰো কথা। নেপালৰ প্রধানমন্ত্রীক স্বাগতম জনাই মধ্যাহ্নভোজনৰ আয়োজন কৰিছে মোদীয়ে। ভাৰতীয় ব্যৱসায়ীসকলৰ সৈতেও বৈঠকত বহিব দেউবা।













