![]()
অসম চৰকাৰৰ পৰিবহণ বিভাগে বিভিন্ন জিলাৰ পৰিবহণ বিভাগক ১৪ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ বাবে লক্ষ্য বান্ধি দিছিল ৷ সেই মৰ্মে কাৰবি আংলং জিলা পৰিবহণ বিভাগেও যুদ্ধকালীন তৎপৰতাৰে চৰকাৰে বান্ধি দিয়া লক্ষ্য অতিক্ৰম কৰি ২০২১-২২ বিত্তীয় বৰ্ষটোত অভিলেখ সংখ্যক মুঠ ১৭কোটি, উনত্ৰিছ লাখ, ৪০ হাজাৰ ১৭৪ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷
আজি জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি ২০২১-২২ বিত্তীয় বৰ্ষটোত ২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২২ বৰ্ষৰ এপ্ৰিল-মাৰ্চ মাহলৈ কাৰবি আমলং পৰিবহণ বিভাগে বিভিন্ন বাহনৰ ব্যৱসায়িক বাহনৰ পৰা ৫ কোটি ১৯লাখ, ৩০ হাজাৰ ৭০ টকা, ব্যক্তিগত বাহনৰ কৰ ৪কোটি ৯৩ লাখ,১৬ হাজাৰ ৬শ ৬৯ টকা, আছাম পেছেঞ্জাৰ গ্ৰ’চ টেক্স ৯ কোটি ৫লাখ ৮০ হাজাৰ ৮ টকা, মাছুল ২ কোটি ৫৫ লাখ ৪৪ হাজাৰ ৯৭৯ টকা, জৰিমণা ২ কোটি ৯০ লাখ, ৯৯ হাজাৰ ৮০ টকা, পল্যুছন আণ্ডাৰ কণ্ট্ৰ’ল শিতানত ৩ লাখ ৫৫ হাজাৰ ৫০০ টকা, হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেছন বেক ১হাজাৰ ৩শ ১৪ টকা, পথ যুৰক্ষা চেচ, ৫ লাখ ৭২ হাজাৰ ৭শ ৮৭ টকা, পাৰমিট শিতানত ৮ লাখ ৪৮ হাজাৰ ৯ শ টকা, বকেয়া শিতানত ১৪ কোটি ৩৬ লাখ, ৬২ হাজাৰ ৮শ ৬৮ টকা ৷

ইয়াকে লৈ বিত্তীয় বৰ্ষটোত কাৰবি আংলং পৰিবহণ বিভাগে সৰ্বমূঠ ১৭ কোটি, ২৯ লাখ, ৪০ হাজাৰ ১৭৪ টকা যান-বাহনৰ পৰা অভিলেখ সংখ্যক কৰ সংগ্ৰহ কৰে বুলি তথ্য আহৰণ কৰা হৈছে ৷
ইয়াৰোপৰি বিত্তীয় বৰ্ষটোত ১২৭৮ টা হেলমেট বিহীন চালকৰ গোছৰ আৰু ৪০০টা ছীট বেল্টৰ গোছৰ লোৱা হৈছে ৷ ২০২১ বৰ্ষৰ জানুৱাৰীত ৫ জন, ফেব্ৰুৱাৰীত ১৩ জন, মাৰ্চ মাহত ৮ জন আৰু ২০২২ ইংৰাজী বৰ্ষৰ জানুৱাৰীত ৩ জন ফেব্ৰুৱাৰীত ৬ জন আৰু মাৰ্চ মাহত ২ জন লোক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লৈছে জিলা পৰিবহণ বিষয়া বিক্ৰমাদিত্য গগৈয়ে জানিবলৈ দিছে ৷












