বলীউড অভিনেতা নৱাজুদ্দিন চিদ্দিকীৰ ভিন্নধৰণৰ ছবি আৰু তেওঁৰ ব্যতিক্ৰমী চৰিত্ৰৰ বাবে জনাজাত। অভিনেতা গৰাকীয়ে ছবিসমূহত নিজৰ চৰিত্ৰবোৰৰ পুংখানুপুংখভাৱে বাচনি কৰে। বিগত তিনি মাহত, নৱাজুদ্দিনক ২০০ খন ছবিৰ অফাৰ প্ৰদান কৰা হৈছিল কিন্তু তেওঁ তাৰ পৰা মাত্ৰ পাঁচখন চলচ্চিত্ৰৰ চিত্ৰনাট্য চূড়ান্ত কৰিছে। নৱাজুদ্দিন নিজ শৈলীৰ দ্বাৰা ইমান স্পষ্ট যে, তেওঁ ধন আৰু নামৰ তুলনাত কামৰ মানদণ্ডক অধিক গুৰুত্ব দিয়ে।
নৱাজুদ্দিন চিদ্দিকীয়ে যিকোনো ছবিত স্বাক্ষৰ কৰিবলৈ হ’লে তেওঁৰ চৰিত্ৰৰ গুৰুত্বৰ ওপৰত দৃষ্টি ৰাখে। নৱাজে ছবিখনৰ বিষয়বস্তুতকৈ তেওঁৰ চৰিত্ৰৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাইছে। নৱাজুদ্দিনে এইক্ষেত্ৰত কৈছিল যে, “মই অনুভৱ কৰিছিলোঁ যে সেইবোৰ (তেওঁ গ্ৰহণ কৰা প্ৰকল্পবোৰ) মোৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে সঠিক প্ৰস্তাৱ। তাৰ ওপৰত আধাৰিত কৰি, মই স্ক্ৰিপ্টখন বাছনি কৰোঁ।”
স্ক্ৰিপ্টখন কেনেদৰে বাছনি কৰা হয় সেই বিষয়ে কথা পাতি অভিনেতাগৰাকীয় কয় যে, যদি মই আগ্ৰহী হওঁ, মই মোৰ সহায়কক কাহিনীটোৰ বৰ্ণনা দিবলৈ কওঁ বা প্ৰযোজকসকলেও আহি মোৰ বাবে বৰ্ণনা কৰে।”