![]()
১১ দিনত নবাৰ বৃদ্ধি পাইছে তেলৰ মূল্য। বৃহস্পতিবাৰেও প্রতি লিটাৰত বৃদ্ধি হৈছিল ৮০ পইচা। শুক্রবাৰে অৱশ্যে বৃদ্ধি হোৱা নাই তেলৰ মূল্য। কিন্তু এইবাৰ ঊর্ধ্বমুখী এলপিজি চিলিণ্ডাৰৰ দাম। বাণিজ্যিক গেছৰ মূল্য বাঢ়িল একেকোবে ২৫০ টকা।
১৯ কেজিৰ এটি বাণিজ্যিক চিলিণ্ডাৰৰ দিল্লীত এতিয়া মূল্য হৈছে ২,২৫৩ টকা। অৱশ্যে ঘৰুৱা গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পোৱা নাই। কিন্তু বাণিজ্যিক গেছৰ মূল্যবৃদ্ধিয়ে এতিয়া ৰেস্তোৰাঁ, হোটেলত খোৱাৰ খৰচো বৃদ্ধি কৰিব বুলি বিশেষজ্ঞসকলৰ মত।













