![]()
যোৱা বুধবাৰে অসম চৰকাৰৰ চলিত বাজেট অধিৱেশনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে ইক’ ছেনচেটিক এলেকা ঘোষণা কৰা সিদ্ধান্তকলৈ কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএই আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আজি ডিফু-লামডিঙ পথৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত কেএছএৰ সভাপতি ছিমিয়ন ৰংফাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰাষ্ট্ৰৰ ঐতিহ্য আৰু গৌৰৱ ৷
উদ্যানখনৰ সংৰক্ষণ আৰু সংৱৰ্ধনৰ ক্ষেত্ৰত কাৰবি ছাত্ৰ সন্থাৰ ক’বলগীয়া একো নাই যদিও উদ্যানখনত ইক’ ছেনচেটিভ জ’ন ঘোষণা কৰিলে যুগ যুগ ধৰি কাজিৰঙাৰ পাৰ্শৱৰ্তী এলেকাত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠী লোকসকলৰ একো সমস্যা নহয় নেকি বুলি প্ৰশ্ন কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷ উক্ত এলেকাত বসবাস কৰা জনজাতি খিলঞ্জীয়া লোকসকলৰ ভূমিৰ ম্যাদী পট্টা থকাৰ লগতে খেতিমাটি, স্কুল আৰু চৰকাৰী অনান্য সুবিধাও ভোগ কৰি আহিছে ৷ তেনে পৰিপ্ৰেক্ষিতত কাৰবি আংলঙৰ ১০ কিঃমিঃ ভিতৰলৈকে ইক’ ছেনচেটিভ জ’ন সমপ্ৰসাৰণ কৰিলে তাত থকা বসবাসকাৰীসকলৰ সমস্যা নহ’বে নে বুলি প্ৰশ্ন কৰি এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে কেএছএই ৷ সেয়ে উক্ত বিষয়ক লৈ অসম চৰকাৰ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু কেএছএক লৈ এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে কেএছএই ৷

ইয়াৰোপৰি অসম-মেঘালয় সীমান্তৰ বিতৰ্তিত ব্লক ১ আৰু ব্লক ২ এলেকা সদ্য সম্পাদন হোৱা ঐতিহাসিক অসম-মেঘালয় সীমা চুক্তিত অন্তৰ্ভূক্ত হৈছে যদি হৈছে এই কথা চৰকাৰে স্পষ্ট কৰিব লাগে ৷ কাৰণ অসম-মেঘালয় সীমান্তৰ ব্লক ১ আৰু ব্লক ২ এই চুক্তিৰ জৰিয়তেও সৰ্বকালে কাৰবি আঙলঙৰ থাকিব বুলি আশাবাদী ছাত্ৰনেতাগৰাকী ৷












