নিউজ ডেস্কঃ
নিজকেই চেৰ পেলালে তেওঁ। নিজৰ ছবি ‘বাহুবলী ২’-ৰ ৰেকর্ড ভংগ কৰিলে নিজৰ দ্বিতীয় ছবি ‘আৰআৰআৰ’ত। এছ এছ ৰাজামৌলীৰ ছবিখনে প্রথম দিনতেই ২২৩ কোটিৰ ব্যৱসায় কৰিলে সমগ্ৰ বিশ্বত। আৰু তাৰ পিছতেই শ্ৰেষ্ঠত্বৰ সন্মান পালে ‘বিগ বাজেট’ৰ ছবিখনে।
২৫ মার্চত প্রেক্ষাগৃহত মুক্তি পাইছে ৰাজামৌলীৰ ছবিখন। ৰাম চৰণ, অজয় দেৱগণ আৰু জুনিয়ৰ এনটিআৰ অভিনীত ছবি ‘আৰআৰআৰ’-এ মুক্তিৰ পিছতেই উন্মাদনাৰ সৃষ্টি কৰিছে চৌদিশে। শনিবাৰ, ২৬ মার্চত চলচ্চিত্র বাণিজ্য বিশ্লেষক তৰণ আদর্শই ছবিখনৰ লাভৰ হিচাব দাঙি ধৰিছে টুইটাৰত।