নিউজ ডেস্কঃ
পুনৰ বিপাঙত অভিনেতা ছলমন খান। তেওঁৰ বিৰুদ্ধে আদালতত একাধিক গোচৰ চলিলেও কেৰিয়াৰত তাৰ বিশেষ প্রভাৱ পৰিব দিয়া নাই চলমন খানে। ১৯৮৮ চনত হৰিণ হত্যা গোচৰৰ লগতে একাধিক আইনী জটিলতাত নাম জড়িত হৈছিল তেওঁৰ। কেইবছৰমান আগৰ এক ঘটনাৰ পৰিপ্রেক্ষিতত সম্প্রতি চলমন খানলৈ চমন পঠোৱা হৈছে। আদালতত হাজিৰ হোৱাৰো নির্দেশ দিয়া হৈছে তেওঁক।
এক সর্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্র মতে, ২০১৯ চনত চলমনৰ বিৰুদ্ধে মাৰধৰৰ অভিযোগ আনিছিল অশোক পাণ্ডে নামৰ এজন সাংবাদিকে। সেই অভিযোগৰ ভিত্তিতে আন্ধেৰী ন্যায়িক আদালতে তেওঁলৈ চমন পঠাইছে। ৫ এপ্রিলত আদালতত হাজিৰ হোৱাৰো নির্দেশ দিয়া হৈছে। আইপিচিৰ ৫০৪ আৰু ৫০৬ ধাৰাত অভিযোগ অনা হৈছে অভিনেতাগৰাকীৰ বিৰুদ্ধে।
সূত্রৰ খবৰ মতে, ২০১৯ চনৰ ২৪ এপ্রিলৰ ঘটনা এয়া। দুই বডিগার্ডৰ সৈতে ৰাস্তাত চাইকেল চলাইছিল চলমন খানে। সেই সময়ত ওচৰতে এখন গাড়ীত চিত্র সাংবাদিকৰ সৈতে আছিল অশোক। বডিগার্ডৰ পৰা অনুমতি লৈয়েই ভিডিও কৰিবলৈ আৰম্ভ কৰে তেওঁলোকে। কিন্তু হঠাতে খং উঠে চলমন খানৰ। ইয়াৰ পিছতেই অভিনেতাগৰাকীৰ বডিগার্ডে আহি মাৰধৰ আৰম্ভ কৰে তেওঁলোকক। চলমন খানেও হেনো সেই সময়ত আহি অশোকৰ মোবাইল ফোন কাঢ়ি নিয়ে। অশোকে জনাইছিল, উক্ত ঘটনাৰ পিছত আৰক্ষীয়ে তেওঁৰ অভিযোগ ল’বলৈ অস্বীকাৰ কৰে। তাৰ পিছত আদালতৰ দ্বাৰস্থ হয় তেওঁ।