নিউজ ডেস্কঃ
সময় তেতিয়া পুৱতিনিশা ৪ বাজিছে৷ ওচৰ-পাজৰৰ মানুহ তেতিয়াও টোপনিত লালকাল৷ সেই সময়তে ঘটে ভয়ানক কাণ্ড৷
জুয়ে আগুৰি ধৰে চাৰিওফালৰ পৰা৷ নিজক বচাবলৈ মৰণকাতৰ চিৎকাৰ কৰিলেও শেষৰক্ষা নহ’ল। যেতিয়া ওচৰ-পাজৰৰ মানুহে গম পাই অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে, তেতিয়ালৈকে সকলো শেষ। উশাহ বন্ধ হৈ, অগ্নিদগ্ধ হৈ মৃত্যু হয় ১১ জন শ্রমিকৰ। বুধবাৰে পুৱা এই মর্মান্তিক ঘটনাটো ঘটে তেলেঙ্গানাৰ ছেকেণ্ড্ৰাবাদৰ ভোইগুডা এলেকাত।
আৰক্ষী সূত্র মতে, মৃতসকলৰ সকলোৱেই বিহাৰৰ বাসিন্দা। ভোইগুডাত এটি কাঠৰ কাৰখানাত কাম কৰিছিল তেওঁলোকে। কাৰখানাৰ গুদামৰ ঠিক ওপৰৰ মহলাতেই শ্রমিকসকল আছিল। জুইলগাৰ পিছতেই এজন শ্রমিকে কোনো প্ৰকাৰে দুই মহলাৰ পৰা জাঁপ দি নিজৰ প্রাণ ৰক্ষা কৰে। কিন্তু বাকীসকলৰ সেই সৌভাগ্য নহ’ল। অগ্নিনিৰ্বাপক বাহিনী য়েজনোৱা মতে, বাহিৰ ওলোৱাৰ পথ থাকিলে ইমানজন শ্রমিকৰ একেলগে মৃত্যু নহ’লহেঁতেন। তলত নমাৰ বাবে ঘূৰন্ত চিৰি আছিল। কিন্তু সেই চিৰিৰে ইমানজন একেলগে নামি অহাৰ সুযোগ নাপালে। প্রাথমিকভাবে অগ্নিনিৰ্বাপক বাহিনীৰ অনুমান, তেওঁলোকে পলোৱাৰ চেষ্টা কৰিছিল যদিও প্রচণ্ড ধোঁৱাত উশাহ বন্ধ হৈ অচেতন হৈ পৰে সকলোৱেই। তাৰ পিছতেই অগ্নিদগ্ধ হৈ যায় ১১ জন শ্রমিকৰ শৰীৰ।