ছাইদুল ইছলাম
আজি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ এটি কোঠাত এজন অচিনাক্ত লোকৰ চীপলৈ আত্মহত্যা কৰা ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অচিনাক্ত লোকজনে এটা বন্ধ কোঠাত এটাল ৱায়াৰেৰে ডিঙিত চীপলৈ ওলমি থকা প্ৰত্যক্ষ কৰে হাস্পাতাল কৰ্তৃপক্ষই ৷ আজি দুপৰীয়া উক্ত বন্ধ কোঠাৰ পৰা দুৰ্গন্ধ বিয়পি পৰাৰ লগে লগে মৃতদেহটোৰ কথা পোহৰলৈ আহে ৷ ঘটনাৰ খবৰ লাভ কৰি ডিফু আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ কাৰ্যবাহী দণ্ডাধীশৰ দ্বাৰা মৃতদেহটোৰ চুৰৎহাল কৰাই মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰায় ৷ মেডিকেলত ৰোগীৰ একাংশ অভিভাৱকে জনোৱা অনুসৰি যোৱা তিনিদিন ধৰি দুৰ্গন্ধই হাস্পাতালত ভৰ্তি ৰোগীৰ লগতে সাধাৰণ অভিভাৱক সকলেও অস্বস্তিত ভুগিছে ৷
আনহাতে মৃতদেহটোৰ পকেটৰ পৰা এটা মোবাইলফোন উদ্ধাৰ হৈছে যদিও বাতৰি লিখা পৰলৈকে মৃতদেহটোৰ চিনাক্ত কৰিব পৰা হোৱা নাই ৷