ছাইদুল ইছলাম
ডিফু : কাৰবি আংলঙত বিজেপিৰ অশ্বমেধৰ ঘোঁৰাক বান্ধিব জিলা কংগ্ৰেছে ৷ এই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ৷ আজি ডিফুত জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰাৰ পিছত আয়োজন কৰা এক সংবাদমেলত ভূপেন বৰাই কয়যে, বিজেপিৰ শাসনকালত পাৰ্বত্য জিলা খনত শিল, বালি, আদি খনিজ সম্পদৰ লগতে বনজ সম্পদতো যি দৰে অবাধ লুণ্ঠন চলিছে ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে অনাগত দিনত বৃহৎ গণ আন্দোলন গঢ়ি তুলিব বুলি কয় ৷ লগতে দীৰ্ঘ দিনৰ পৰাই কেৱল লুণ্ঠনৰ স্বাৰ্থতে ৰাষ্ট্ৰীয়ঘাই পথ নিৰ্মানৰ কাম ব্যাহত হৈ আছে বুলি অভিযোগ কৰে ৷
তিনি পাৰ্বত্য জিলাত কংগ্ৰেছৰ সাংগঠনিক কাম-কাজ চলাই নিবৰ বাবে তিনিখন পাৰ্বত্য জিলা সকলৰ সভাপতিক লগতলৈ খৰছিং ইংতিক অধ্যক্ষ আৰু নিৰ্মল লাংথাছাক আহ্বায়ক হিচাপে লৈ এখনি সমন্বৰক্ষী সমিতি গঠন কৰি সদস্য ভৰ্তিৰ লগতে নিৰ্বাচনী তৎপৰতাৰ বাবে কাম কৰি যাব বুলি কয় ৷ নিৰ্বাচনী মিত্ৰতাৰ সন্দৰ্ভত উত্তৰ দি সভাপতিগৰাকীয় কয় যে, বিধানসভা আৰু লোকসভা নিৰ্বচনৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব যদিও ৯টা পৰিষদীয় নিৰ্বাচনৰ ৩টা স্বায়ত্তশাসিত পৰিষদ ৬টা উপগ্ৰহীয় পৰিষদ আৰু পৌৰসভাৰ নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত জিলা কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰিব কেৱল বিজেপি আৰু ইয়াৰ মিত্ৰদলৰ সৈতে কংগ্ৰেছে মিত্ৰতা নকৰে বুলি স্থিতি স্পষ্ট কৰি দিয়ে৷ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুন বৰাৰ সমৰ্থনত ভূপেন বৰাই কয় যে ৪৩ গৰাকী বিধায়কে ৰিপুণ বৰাৰ লগত থাকি মনোনয়ন পত্ৰত স্বাক্ষৰ প্ৰদান কৰি মনোনয়ন দাখিল কৰাৰ পিছত কোনো সন্দেহ থাকিব নোৱাৰে ৷ ৰিপুণ বৰাৰ সৈতে ৪৩ গৰাকী বিধায়ক থকাৰ পিছত বিজেপি হতাশগ্ৰস্থতাত ভুগিছে ৷
আনহাতে আজিৰ জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থকাৰ পিছত দলীয় কৰ্ম কৰ্তাৰ ভাষণ শুনি বিজেপিৰ সাতবছৰীয়া অশ্বমেধৰ ঘোঁৰা বান্ধিব পাৰিব বুলি আশা ব্যক্ত কৰে সভাপতিগৰাকীয়ে ৷