![]()
নিউজ ডেস্কঃ
যুদ্ধবিধ্বস্ত ইউক্রেইনৰ পৰা নগদ ধন লৈ পলাবলৈ গৈ হাঙ্গেৰী সীমান্তত ধৰা পৰিল প্রাক্তন সাংসদৰ পত্নী। ঘটনাটোত স্বাভাৱিকতেই তোলপাৰ লাগিছে সমগ্ৰ ইউক্রেনজুৰি।
জানিব পৰা মতে, প্রাক্তন ইউক্রেইন সাংসদ কোভিতস্কিৰ পত্নীয়ে ২৮ মিলিয়ন ডলাৰ আৰু ১.৩ মিলিয়ন ইউৰো (ভাৰতীয় মুদ্রাত প্রায় ২২৫ কোটি টকা) বেগত ভৰাই লৈ দেশ এৰি পলাব বিচাৰিছিল।
মহিলাগৰাকীৰ গন্তব্য স্থান আছিল জাকাৰপাট্টিয়া প্রদেশ হৈ হাঙ্গেৰীত প্রবেশ কৰা। কিন্তু হাঙ্গেৰী সীমান্তৰ বিষয়াসকলৰ হাতত তেওঁ ধৰা পৰে। নগদ টকাখিনি বাজেয়াপ্ত কৰা হয়। প্রাক্তন সাংসদগৰাকীৰ পত্নীয়ে স্বীকাৰো কৰে টকাসহিতে পলাব বিচৰাৰ কথাটো।
প্রায় এমাহ হ’বৰ হ’ল ৰাছিয়া–ইউক্রেইন যুদ্ধৰ। এই পৰিস্থিতিত ইউক্রেইন এৰি বহুতেই অন্য ঠাইলৈ গুচি গৈছে। কিন্তু প্রাক্তন সাংসদগৰাকীৰ পত্নীয়ে টকাৰ মোহ এৰিব পৰা নাছিল। সেয়ে নগদসহিতে পলাব বিচাৰিছিল। কিন্তু শেষৰক্ষা নহ’ল বেচেৰীৰ!













