![]()
নিউজ ডেস্কঃ
প্রায় তিনি মাহ পিছত পুনৰ বৃদ্ধি হ’ল ইন্ধনৰ মূল্য। সোমবাৰে মাজনিশাৰ পৰা কার্যকৰী হৈছে নতুন মূল্য৷ এই কথা জনাইছে পেট্র’ল ডিলাৰ্ছ এছোচিয়েচনে। পেট্র’লৰ মূল্য ৮৪ পইচা বৃদ্ধি প্ৰতি লিটাৰত৷ আনহাতে, লিটাৰে প্রতি ডিজেলৰ মূল্য বৃদ্ধি হৈছে ৮৩ পইচা। ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি হৈ হৈছে ৯৭৬ টকা।
২৬ দিনত ভৰি দিছে ইউক্রেইন-ৰাছিয়াৰ যুদ্ধই। ইউক্রেইনত সামৰিক অভিযান চলোৱাৰ বাবে ৰাছিয়াৰ ওপৰত পশ্চিমীয়া বিশ্বৰ নিষেধাজ্ঞাই বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য ১৩৯ ডলাৰ পোৱাইছেগৈ। আকাশলংঘী অপৰিশোধিত তেলৰ বিশ্বৰ তৃতীয় বৃহত্তম আমদানিকাৰী দেশ হিচাবে ভাৰতক উদ্বেগত ৰাখিছিল।
বিশেষেজ্ঞসকলে ধৰি লৈছিল পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলাফলৰ পিছতেই ইন্ধনৰ মূল্যবৃদ্ধিৰ পথত আগবাঢ়িব কেন্দ্র। যোৱা ১০ মার্চত নির্বাচনৰ ফলাফল ওলোৱাৰ পিছত ভাৰতীয় বজাৰতো পেট্র’ল-ডিজেলৰ মূল্যবৃদ্ধি আছিল কেৱল সময়ৰ অপেক্ষা। অৱশেষত সেই পথকেই অনুসৰণ কৰিলে কেন্দ্রই।
আনহাতে, ২০ মার্চত ঔদ্যোগিক ক্ষেত্রৰ ডিজেলৰ মূল্য একে কোবে লিটাৰত ২৫ টকা বৃদ্ধি পাইছে। কিন্তু পেট্র’ল পাম্পত ডিজেলৰ মূল্য অপৰিৱর্তিত আছিল।













