![]()
নিউজ ডেস্কঃ
মূল্যবৃদ্ধিয়ে জুৰুলা কৰা জনতাৰ ওপৰত পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ।আজিৰে পৰা ৫০টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ ছিলিণ্ডাৰ মূল্য।প্রতিটো ঘৰুৱা ছিলিণ্ডাৰত বৃদ্ধি হৈছে এই মূল্য।
উল্লেখ্য যে গ্ৰাহকে এতিয়াৰে পৰা হাজাৰ টকাৰ ওপৰত ক্ৰয় কৰিব লাগিব ৰন্ধন গেছৰ ছিলিণ্ডাৰ।গুৰুত্বপূৰ্ণ কথা যোৱা ৬ অক্টোবৰত বৃদ্ধি হৈছিল ঘৰুৱা ৰন্ধনগেছৰ মূল্য।উল্লেখ্য ৰাজ্যত অহা ১এপ্ৰিলৰ পৰা বিদ্যুতৰ প্ৰতি ইউনিটৰ মাচুলো বৃদ্ধি পাব।
তাপৰ্যপূৰ্ণ কথা যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি বাবে ৰন্ধন গেছৰ দাম বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে।ইফালে ৰন্ধন গেছৰ মূল্যবৃদ্ধি পাছতেই এইবাৰ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হোৱা সম্ভাৱনা প্ৰৱল হৈছে।













