![]()
নিউজ ডেস্কঃ
বৰপেটা চহৰৰ মাজমজিয়াৰ বিলৰতাৰি হাটীত আজি সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। তিনি দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় বনবৰীয়া গাঁৱৰ নিবাসী তথা এগৰাকী অধিবক্তা ৰিনিমা বেগম।
বৰপেটা চহৰত থকা ৰিনিমা বেগমৰ জ্যেষ্ঠ ভগ্নীৰ শাৰীৰিক অসুস্থতাৰ বাবে সন্ধিয়া তেওঁক লৈ চিকিৎসকৰ ওচৰলৈ আহিছিল আৰু তাৰ পৰাই গাড়ীত উঠিব লওঁতেই বাইকেৰে অহা তিনি জনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে হানি খুচি অধিবক্তা গৰাকীক হত্যা কৰে। ঘটনাটোৱে শেহতীয়াকৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ চোকা অস্ত্ৰৰ আঘাতত আহত ৰিনিমা বেগমক ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় যদিও তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
আনহাতে, হত্যাকাণ্ড সংঘটিত কৰিয়েই তিনি দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ খবৰনুসৰি, দীৰ্ঘ দিন ধৰি মাটি সম্পৰ্কীয় এটা বিবাদ চলি আছিল।কিছুবছৰ পূৰ্বেও বৰপেটা চহৰতেই অধিবক্তা গৰাকী আক্ৰমণ আক্ৰমণৰ সন্মুখীন হৈছিল ৷ এই হত্যাকাণ্ডত জড়িত দুগৰাকী যুৱকক চিনি পোৱা গৈছে।













