নিউজ ডেস্কঃ
বর্তমান সময়ত সকলোকেই মানসিক স্বাস্থ্য সন্দৰ্ভত বিশেষ সতর্ক থকাৰ পৰামর্শ দিছে বিশেষজ্ঞসকলে। সাম্প্ৰতিক সময়ত হতাশা, অৱসাদৰ দৰে মানসিক অসুস্থতাত ভুগিছে বহু লোক। কিন্তু জানেনে বায়ু প্রদূষণৰ কাৰণে কম বয়সতেই অৱসাদৰ চিকাৰ হ’ব পাৰে আপুনি? এই দাবী কৰিছে এদল গৱেষকে। বায়ু প্রদূষণৰ কাৰণে শৰীৰৰ ওপৰত কুপ্রভাব পৰে, এইকথা সকলোৱেই জানে। আনকি কম বয়সীয়াসকলৰ শ্বাসকষ্টৰ দৰে সমস্যা আৰম্ভ হয় বহুতৰে। ইয়াৰ উপৰি অৱসাদৰ চিকাৰ হোৱাৰ সম্ভাৱনাও বাঢ়িছে। ‘ডেভেলপমেন্টাল ছাইক’লজি’ নামৰ এখন পত্রিকাত প্রকাশিত এক ৰিপোর্ট অনুযায়ী, প্রদূষণৰ কাৰণে বায়ুমণ্ডলৰ অজন স্তৰৰ ঘনত্ব দিনে দিনে বৃদ্ধি পাই গৈছে। যাৰ কুপ্রভাব পৰিছে কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত। ইয়াৰ ফলতেই কমবয়সতে তেওঁলোক অৱসাদত ভুগিছে।
কেৱল অৱসাদ নহয়, বায়ু প্রদূষণৰ কাৰণে টোপনিত ব্যঘাত ঘটিছে কিশোৰ-কিশোৰীসকলৰ। কম টোপনিৰ কাৰণে পঢ়া-শুনা, খেলা-ধূলা, আনকি স্বাভাবিক জীৱন ধাৰাতো প্রভাব পৰে। ইয়াৰ পৰা বাঢ়ে হতাশা। তাৰ উপৰি কম বয়সতেই আত্মহত্যাৰ প্রবণতা বাঢ়িব পাৰে। বায়ু প্রদূষণ মানসিক স্বাস্থ্যৰ বাবে কিমান ক্ষতিকৰ সেয়া জানিবৰ বাবে আমেৰিকাৰ ছান ফ্রান্সিছকো চহৰৰ ২১৩ জন কিশোৰ-কিশোৰীক লৈ ৪ বছৰ ধৰি গৱেষণাটি কৰা হয়। যিসকলৰ ওপৰত গৱেষণা কৰা হয় তেওঁলোক সকলোৰে বয়স আছিল ১৩ বছৰৰ ভিতৰত। সুদীর্ঘ গৱেষণাৰ পিছত দেখা গৈছে, যিবোৰ স্থানত অজনৰ ঘনত্ব বেছি তাত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত কুপ্রভাব পৰিছে।