![]()
মনোৰঞ্জনঃ
দীৰ্ঘদিন ধৰি বলীউডৰ অভিনেত্ৰী তাপসী পান্নু তেওঁৰ আহিবলগীয়া ছবি ‘ছাব্বাছ মিথু’ৰ বাবে চৰ্চাত আছে। অভিনেত্ৰীগৰাকীয়ে এই ছবিখনত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ চৰিত্ৰত অভিনয় কৰিছে। শেহতীয়াকৈ ছবিখনৰ টিজাৰ মুকলি কৰা হৈছে। টিজাৰত দেখা গৈছে যে তাপসী পান্নুৱে ছবিখনত মিতালী ৰাজৰ চৰিত্ৰত অভিনয় কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে।
টিজাৰটো শক্তিশালী ভাৱে আৰম্ভ হৈছে। টিজাৰ আৰম্ভ হোৱাৰ লগে লগে এখন ফিল্ড দেখুওৱা হৈছে। মানুহেৰে ভৰি থকা গোটেই ষ্টেডিয়ামখনত সকলোৱে ভাৰতীয় মহিলা ক্ৰিকেট দলক হাতত ভাৰতীয় পতাকা লৈ উৎসাহিত কৰি আছে। ইয়াৰ পিছত তাপসী পান্নুক মিতালী ৰাজৰ চৰিত্ৰত ওলাই অহা দেখিবলৈ পোৱা গৈছে।
ছবিখনৰ বিষয়ে কথা পাতি অভিনেত্ৰী তাপসি পান্নুৱে কয় যে, “ডাঙৰ পৰ্দাত মিতালী ৰাজৰ চৰিত্ৰত অভিনয় কৰাটো প্ৰত্যাহ্বানজনক আছিল। তেওঁ অৰ্ধ-শতকৰ অভিলেখ গঢ়িছে। এতিয়া তেওঁ ১০,০০০ ৰাণৰ সীমা অতিক্ৰম কৰিছে। তেওঁ আমাৰ ওচৰত থকা আটাইতকৈ অভিজ্ঞ মহিলা ক্ৰিকেটাৰসকলৰ মাজৰ এগৰাকী। পৰ্দাত তেওঁৰ চৰিত্ৰটো অভিনয় কৰিবলৈ যথেষ্ট চাপ আছিল মোৰ ওপৰত।”













