![]()
মনোৰঞ্জনঃ
বলীউডৰ চুপাৰষ্টাৰ আমিৰ খানে দেওবাৰে কয় যে তেওঁ নিশ্চিতভাৱে “দ্য কাশ্মীৰ ফাইলছ” চাব কিয়নো ই ভাৰতীয় ইতিহাসৰ এটা অংশ। যি সকলোৰে হৃদয় ভাঙি পেলায়। তেওঁ ইয়াত ৰাষ্ট্ৰীয় ৰাজধানীত আছে। তেওঁ ৰাজামৌলীৰ ছবি ‘আৰআৰআৰ’ ৰ প্ৰচাৰৰ বাবে আয়োজিত এক অনুষ্ঠানত ভাষণ দি আছিল। তেওঁ কয় যে, “কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছিল, সেয়া অতি দুখজনক। এনে এখন ছবি নিশ্চিতভাৱে প্ৰতিজন হিন্দুস্তানীয়ে চাব লাগে আৰু তাত ঘটা ঘটনাবোৰ প্ৰতিজন হিন্দুস্তানীয়ে মনত ৰাখিব লাগে।”
অভিনেতাগৰাকীয়ে আগলৈ কয় যে, “এই ছবিখনে মানৱতাত বিশ্বাস কৰা প্ৰত্যেকৰে অনুভূতিক স্পৰ্শ কৰিছে আৰু সেইটোৱেই ইয়াক অধিক ধুনীয়া কৰি তুলিছে। মই নিশ্চিতভাৱে চিনেমাখন চাম আৰু ছবিখন সফল হোৱাত মই সুখী।”
বিবেক অগ্নিহোত্ৰী পৰিচালিত এই ছবিখনত অনুপম খেৰ, দৰ্শন কুমাৰ, মিথুন চক্ৰৱৰ্তী আৰু পল্লৱী যোশী অভিনয় কৰিছে। ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনে ১১ মাৰ্চত মুক্তি লাভ কৰে। তেতিয়াৰ পৰাই বক্স অফিচত অভিলেখ ভংগ কৰি আহিছে ছবিখনে।













