![]()
অজন্তা তালুকদাৰ
বোকাখাতঃ প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এই বৰ্ষতো বোকাখাত সাংস্কৃতিক মঞ্চৰ উদ্যোগত যোৱা ২০ মাৰ্চত অনুষ্ঠিত হৈ যায় সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকা, পাৰ্বতী প্ৰসাদ বৰুৱা আৰু খগেন মহন্তৰ গীতৰ প্ৰতিযোগিতা। বোকাখাত পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে পুৱা ভৱন প্ৰাংগনত মঞ্চৰ পতাকা উত্তোলন কৰে মঞ্চৰ সভাপতি দুলাল ডেকাই।
স্মৃতি তৰ্পন কৰে বিশিষ্ট কবি-লেখিকা নিজৰা বৰঠাকুৰে। বন্তি প্ৰজ্বলন কৰে বিশিষ্ট ব্যৱসায়ী তথা কণ্ঠশিল্পী পুস্কৰ নাৰায়ণ গুপ্তাই আৰু মঞ্চ উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। অনুষ্ঠানৰ আঁত ধৰে মঞ্চৰ সম্পাদক সৌৰভ হাজৰিকা, উপদেষ্টাদ্বয় ক্ৰমে অজন্তা তালুকদাৰ আৰু অতুল বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰক্তিম ৰাজ ডেকাই।

বিশিষ্ট কণ্ঠশিল্পীদ্বয় সুদেষ্ণা তামুলী হাজৰিকা আৰু সৌৰভ হাজৰিকাৰ প্ৰদৰ্শনীমূলক গীতেৰে আৰম্ভ হোৱা আৰু ‘ক’ আৰু ‘খ’ দুয়োটা শাখাতে অনুষ্ঠিত প্ৰতিযোগিতাখনিত অসমৰ বহুকেইখন জিলাৰ পৰা অহা প্ৰায় ৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ক্ৰমে স্মৃতি তৰ্পক নিজৰা বৰঠাকুৰ, বন্তি প্ৰজ্বলক পুস্কৰ নাৰায়ণ গুপ্তা, উদ্বোধক জিতু শৰ্মা ৰাজখোৱা আৰু বিশিষ্ট সমাজকৰ্মী-যুৱনেতা তথা প্ৰতিযোগিতাৰ গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণি মঞ্চৰ দাতা আকাশ ফুকনে।
প্ৰতিযোগিতাখনিৰ তিনিগৰাকী বিচাৰক আছিল বিশিষ্ট সংগীত শিল্পী ক্ৰমে যোৰহাটৰ জয়ন্ত নাথ, তেজপুৰৰ সীমান্ত কাকতি আৰু দেৰগাঁৱৰ ববিতা ভট্টাচাৰ্য। প্ৰতিযোগিতাত ‘ক’ শাখাৰ ননী দুৱৰা সোঁৱৰণি প্ৰথম পুৰস্কাৰ ৰেঙনি চুতিয়াই, দ্বীপক শ্ৰীবাস্তৱ সোঁৱৰণি দ্বিতীয় পুৰস্কাৰ লাভ কৰে বোকাখাতৰ তেলগৰমৰ আইলীন গগৈয়ে, অজিত দত্ত সোঁৱৰণি তৃতীয় পুৰস্কাৰ লাভ কৰে প্ৰজ্ঞান প্ৰতিম ফুকনে।
‘খ’ শাখাত বিপুল চন্দ্ৰ গোস্বামী সোঁৱৰণি প্ৰথম পুৰস্কাৰ লাভ কৰে কাজিৰঙাৰ ভিতালী গগৈয়ে, বাবুল কালিন্দী আৰু কালিপ্ৰসাদ লস্কৰ সোঁৱৰণি দ্বিতীয় পুৰস্কাৰ লাভ কৰে মৰাণৰ দৰ্শিতা বৰুৱাই আৰু দিলীপ হাজৰিকা সোঁৱৰণি তৃতীয় পুৰস্কাৰ লাভ কৰে যুটীয়াভাৱে যোৰহাটৰ অত্ৰিনা পোদ্দাৰ আৰু শিৱসাগৰৰ ৰণ কোঁৱৰে।
অনুষ্ঠানত উপসভাপতি তথা বিশিষ্ট নাট্যকাৰ-কবি-সাংবাদিক অমৰ শৰ্মা, প্ৰবক্তা তথা বিশিষ্ট সংগীত শিল্পী বিকাশ হাজৰিকা, বিশিষ্ট কবি সুশান্ত বৰা, মঞ্চৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট সংগীত শিল্পী, নাট্যকৰ্মী অৰুণ গগৈ আৰু নাট্যকৰ্মী ৰুণজুন পোদ্দাৰ গগৈ, বিশিষ্ট কণ্ঠশিল্পী ৰিজু হাজৰিকা, বোকাখাত সাংস্কৃতিক মঞ্চৰ উপদেষ্টা, বিষয় ববীয়া আৰু সদস্যৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানটোত বাদ্যযন্ত্ৰ সহকাৰী হিচাপে উপস্থিত আছিল বিশিষ্ট সংগীত শিল্পী ক্ৰমে চন্দন কটকী, দাদুল বৰা, মঞ্চৰ সাংস্কৃতিক সম্পাদক অনুজ অধ্যাপক আৰু লুইত দত্ত।













