![]()
নিউজ ডেস্কঃ
যোৱা মাহত বিশ্বৰ এক নম্বৰ দবাৰু নৰৱেৰ মেগনাছ কার্লছেনক পৰাস্ত কৰি চমক দিছিল ভাৰতৰ ১৬ বছৰীয়া ৰমেশবাবু প্রজ্ঞানন্দই। এইবাৰ বিশ্বৰ ৩ নম্বৰ স্থানৰ চীনৰ ডিং লিৰেনক পৰাস্ত কৰে তেওঁ। চেৰিটি কাপ ৰেপিড দবা প্রতিযোগিতাৰ অষ্টম ৰাউন্ডত এই কীর্তি গঢ়ে তেওঁ। কাকতালীয়ভাবে কার্লছেনকো প্রতিযোগিতাৰ অষ্টম ৰাউন্ডত পৰাস্ত কৰিছিল প্রজ্ঞানন্দই।
অষ্টম ৰাউন্ডৰ মেচত ক’লা গুটিৰে খেলা আৰম্ভ কৰে প্রজ্ঞানন্দই। ফলত প্রথমৰ পৰাই কিছু সুবিধা আৰছিল লিৰেনৰ। কিন্তু সেই সুবিধা ল’ব নোৱাৰিলে তেওঁ। ৪২তম চালত ডাঙৰ ভুল কৰে লিৰেনে।
প্রতিপক্ষৰ সেই ভুলকে কামত লগায় প্রজ্ঞাই। ফলত আৰু একো কৰিব পৰা অৱস্থাত নাছিল চীনা প্রতিযোগীজনৰ। ৪৯ চালত হাৰ মানে তেওঁ। অষ্টম ৰাউন্ডৰ অন্তত ছয় নম্বৰত আছে ভাৰতীয় দবাৰুজন। প্রতিযোগিতাখনত এতিয়াও সাত ৰাউন্ড বাকী আছে।













