![]()
নিউজ ডেস্কঃ
তিনিখন ৰুছ যুদ্ধবিমান গুলীয়াই নমালে ইউক্রেইন সেনাই। এই দাবী জেলেনস্কি চৰকাৰৰ। ৰুছ আক্ৰমণত বিধ্বস্ত ইউক্রেইনৰ প্রায় সকলো অঞ্চলত ইতিমধ্যে জাৰি কৰা হৈছে ৰেড এলার্ট।
যুদ্ধৰ চতুর্থ সপ্তাহত অধিক ক্ষয়-ক্ষতিৰ কথা জনাইছে ইউক্রেইনে। ৰাছিয়াৰ উদ্দেশ্যে ইউক্রেইন ৰাষ্ট্ৰপতি ভোলোদেমিৰ জেলেনস্কিৰ মন্তব্য, ‘‘এই যুদ্ধৰ কুফল ভোগ কৰিব পৰবর্তী প্রজন্মই।’’ একে সময়তে তেওঁ পুনৰ ৰাছিয়াক আলোচনাত বহাৰ প্রস্তাব দিছে।
দেওবাৰে ইউক্রেইনে দাবী কৰে, তেওঁলোকে তিনিখন ৰুছ যুদ্ধবিমান গুলীয়াই নমোৱাৰ পিছত আকাশপথত পুটিন-সেনাৰ অহা-যোৱা কমিছে। ছুমি, টার্নোপিল, পোলটভা, খাৰকিভ, ওডেছা— ইউক্রেইনৰ প্রায় সকলো অঞ্চলতে চাইৰেন লগোৱা হৈছে। অৱশ্যে ৰাছিয়াই এই যুদ্ধ বিমান ভূপতিত হোৱাৰ কথা স্বীকাৰ কৰা নাই।













