![]()
নিউজ ডেস্কঃ
যোৱাৰ কথা আছিল দিল্লীৰ পৰা দোহালৈ। কিন্তু প্রায় ১০০ যাত্রীক লৈ বিমানখন গ’ল পাকিস্তানৰ কৰাচিলৈ! কাটাৰ এয়াৰৱেজৰ এখন বিমানৰ এই কাণ্ডত হুলস্থুল লাগি পৰে। অৱশ্যে বিমান সংস্থাটো লৰ সূত্র উদ্ধৃত কৰি সংবাদ সংস্থাই জনাইছে, প্রযুক্তিগত সমস্যাৰ কাৰণে এই পথ বিভ্ৰাট।
জানিব পৰা মতে, কিউআৰ ৫৭৯ বিমানখনে দিল্লীৰ পৰা যাত্রা আৰম্ভ কৰে। বিমানখনত আছিল ১০০ জনৰো যাত্রী। হঠাৎ পথ সলনি কৰি সেইখন কৰাচিৰ দিশে গতি কৰে। ঠিক কি কাৰণত এই সিদ্ধান্ত, তাৰ বিস্তাৰিত তথ্য এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে সংস্থাটোৱে জনাইছে, যাত্রীসকল নিৰাপদেই আৰছে।













