![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ বিৰুদ্ধে পৰমাণু যুদ্ধৰ প্রস্তুতি আৰম্ভ কৰি দিলে নেকি নেটোই? যোৱা শুক্রবাৰে নেটোভুক্ত দেশ স্কটলেণ্ডৰ বৃহত্তম চহৰ গ্লাছগোৰ পথত এটি কনভয় নজৰলৈ আহিছে। কনভয়টোৰ মাজত আছিল চাৰিখন ট্রাক। ট্রাককেইখনত পাৰমাণবিক ক্ষেপণাস্ত্র থকা বুলি দাবী কৰিছে নিউকৱাচ নামৰ এটি পৰমাণু অস্ত্রবিৰোধী সংস্থাই।
সংস্থাটোৰ দাবী, উক্ত ট্রাক চাৰিখনৰ ভিতৰত তিনিখনত পাৰমাণবিক ক্ষেপণাস্ত্র আছে। দক্ষিণ গ্লাছগো চিটি চেণ্টাৰৰ পৰা ডেৰ কি:মি: দূৰৈৰ পথত ট্রাককেইখন দৃষ্টিগোচৰ হৈছে। সংস্থাটোৰ অনুমান, অস্ত্রসমূহ লৈ যোৱা হৈছে লোচ লঙত ৰয়েল নৌবাহিনীৰ ওচৰলৈ। সম্প্রতি ৰাছিয়া-ইউক্রেইন যুদ্ধ পৰিস্থিতিত নিউকৱাচৰ আশঙ্কা, নেটোৰ যুদ্ধ প্রস্তুতিৰ অঙ্গ হিচাবে অস্ত্রসমূহ জমা কৰা হৈছে।
সংস্থাটোৰ দাবী, চাৰিখন ট্রাকৰ ভিতৰত তিনিখনত মুঠ ছয়টা পৰমাণু অস্ত্র আছে। এখন ট্রাক খালি বুলিও দাবী কৰিছে সংস্থাটোৱে।













