![]()
নিউজ ডেস্কঃ
নগাঁৱৰ গোমোঠা গাঁৱত সংঘটিত পাঁচখন বাহন দুৰ্ঘটনাত কেইবাজনো লোক আহত হয়। ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকে দুখনকৈ টেম্পু, এখন বেলেনো’ আৰু এখন টমটম মহতিয়াই নিয়ে। উল্লেখ্য যে, ভুল পথেৰে অহাৰ বাবে মুখামুখি সংঘৰ্ষ সংঘটিত হয় আটাইকেইখন বাহনৰ।
দুৰ্ঘটনাপতিত লোকসকলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ নম্বৰ সমূহ হৈছে ক্ৰমে, বেলেনো খনৰ নম্বৰ AS02Y3711, প্ৰথমখন টেম্পুৰ নম্বৰ AS02E 2764 লগতে, ২য় খন টেম্পুৰ নম্বৰ হৈছে ASO2CC 7055।













