![]()
নিউজ ডেস্কঃ
নিৰন্তৰ ক্ষেপণাস্ত্র আক্ৰমণ হৈছে ঘৰৰ সন্মুখত। ঘৰ-বাৰী এৰি নিৰাপদ আশ্রয়ৰ সন্ধানত পশ্চিম কিভ এৰিছিল এজন ব্যক্তিয়ে। গাড়ী চলাইছিল নিজে। লগত পত্নী আৰু দুই কন্যা। কিন্তু গাড়ীৰ ওপৰতে তীব্ৰ বেগত আহি পৰিল এটাৰ পিছত আন এটা বুলেট। এটি গুলী লাগিল সৰু কন্যা শিশুটিৰ হাতত।
কেইবা দিনো হস্পিটেলত চিকিৎসাধীন হৈ থকাৰ পিছত তেওঁৰ হাতখনেই কাটি পেলাবলগা হৈছে। মৃত্যু হৈছে পিতৃৰো। কিন্তু তেওঁৰ নিশ্চিত বিশ্বাস, ইচ্ছা কৰি তেওঁক আঘাত কৰা নাই ৰুছ সেনাই। তেওঁৰ কিহৰে বা শত্রুতা তেওঁলোকৰ!
সংবাদ সংস্থাৰ সূত্র মতে, আহত কন্যা শিশুটিৰ নাম ছাছা। বয়স নবছৰ। পিতৃ-মাতৃৰ সৈতে গাড়ীৰে কিভ এৰাৰ সময়ত ৰুছ সেনাৰ গুলীৰ আগত পৰে তেওঁলোক। গাড়ীৰ পৰা নামি দৌৰি দৌৰি নিৰাপদ স্থানৰ সন্ধান কৰিছিল পৰিয়ালটোৱে।
সেই সময়তে পুটিন-সেনাৰ গুলীত নিহত হয় ছাছাৰ পিতৃ। ভগ্নী আৰু মাতৃ কোনো প্ৰকাৰে পলাব পাৰিলেও গুলীত আঘাতপ্ৰাপ্ত হয় ছাছা।













