![]()
ডিফুঃ
কাৰবি আংলং জিলাৰ ডিফু-লামডিঙ পথৰ বনাঞ্চলত অবৈধ বেদখলকাৰীৰ বেদখলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বন বিভাগৰ পশ্ছিম বন সংমণ্ডল ৷
যোৱা শুকুৰবাৰে এলেকাটোত এনে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ পিছত আজি পুণৰ ডিফুৰ পশ্ছিম বন সংমণ্ডলৰ ৮ কিলোৰ বৃক্ষ উদ্যানৰ বীট অফিছাৰ ছাৰমন ছিংনাৰৰ নেতৃত্বত বনৰক্ষীৰ দলে ডিফু লামডিং পথৰ ১১ কিলোৰ তামোলবাৰী ডিচিআৰএফ এলেকাত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় ৷

উক্ত বনাঞ্চলত অবৈধ আৰু অস্থায়ী ভাবে নিৰ্মান কৰি ওলিওৱা সৰু সৰু জুপুৰী ঘৰ সমূহ উচ্ছেদ কৰে বনবিভাগৰ অভিযানকাৰী দলে ৷
বাতৰি লিখা পৰলৈকে এতিয়ালৈকে প্ৰায় শতাধিক সৰু সৰু নিৰ্মিয়মান জুপুৰীঘৰ বন বিভাগে উচ্ছেদ কৰে ৷ সাংবাদিকৰ সৈতে বাৰ্তালাপত ৰেঞ্জাৰ মণ্ডল ইংলেঙে কয়যে, বিশেষকৈ ডিফু আদি অঞ্চলৰ একাংশ লোকে দিন-ৰাতি বনাঞ্চলটোত বেদখল কৰি আহিছে ৷
তিনি -চাৰি বছৰৰ পৰা এই বেদখল অব্যাহত আছে ৷ বনাঞ্চলটো গণ বেদখল চলি আছে বুলি গতাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰেঞ্জাৰ গৰাকীয়ে ৷ এই বেদখলকাৰীৰ বিৰুদ্ধে বনবিভাগে নিয়মীয়া উচ্ছেদো চলাই গৈছে বুলি ৷ আজি উচ্ছেদ কাৰ্যত ৮০ জন বনকৰ্মী নিয়োগ কৰিছে বুলি জানিব পৰা গৈছে ৷













