![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
গুৱাহাটী গাড়ীগাঁও জঘন্য দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলীক (২২) অৱশেষত গ্ৰেপ্তাৰ। কামৰূপ দামপুৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট বিকিক। প্ৰাপ্ত খবৰ মতে দামপুৰৰ পাহাৰত আত্মগোপন কৰি আছিল কিশোৰী ধৰ্ষণৰ মূল অভিযুক্ত বিকি। ইফালে অভিযুক্ত অন্য চাৰি লম্পট ক্ৰমে ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী বৰ্তমানো সন্ধান নাই আৰক্ষীৰ হাতত। পাণবজাৰ মহিলা খানাত ৰুজু হৈ থকা ১৯/২২নম্বৰ গোচৰ ভিত্তিত অন্য চাৰি অভিযুক্তক বিচাৰি মহানগৰ আৰক্ষীয়ে জোৰদাৰ অভিযান চলাই আছে।
উল্লেখ্য যে লম্পট বিকিয়ে অন্য চাৰি বন্ধুৱে মিলি এগৰাকী ১৬বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল। ধৰ্ষিতা যুৱতী গৰাকীৰে মূল অভিযুক্ত বিকিৰ আছিল প্ৰেমৰ সম্পৰ্ক। যোৱা ১৬ ফেব্ৰুৱাৰীত বিকিয়ে কিশোৰীগৰাকীক ঘৰলৈ নি ধর্ষণ কৰি গোপন ভিডিঅ’ মোবাইলত আবদ্ধ কৰিছিল। মোবাইলত আবদ্ধ ভিডিঅ’ ভাইৰেল কৰা ভয় দেখুৱাই ১৯ ফেব্ৰুৱাৰীত গুৱাহাটী আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্টহাউচলৈ মাতি নিছিল কিশোৰী গৰাকীক। গেষ্ট হাউচৰ ১০৫নম্বৰ কোঠাত লম্পট বিকিয়ে চাৰি বন্ধুৰে মিলি দলবদ্ধ ধৰ্ষণ কৰিছিল দশম শ্ৰেণীত অধ্যয়নৰত গাড়ীগাঁৱৰ কিশোৰীগৰাকীক।
গুৰুত্বপূৰ্ণ কথা ভয়ংকৰ ঘটনা সন্মুখীন হোৱা কিশোৰী গৰাকীয়ে ৭মার্চত পৰিয়ালক সমগ্ৰ ঘটনা অৱগত কৰা পাছত যোৱা ৮মাৰ্চত পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালে। পৰিয়ালৰ গোচৰ ভিত্তিত অভিযুক্তক বিচাৰি নাপাই সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল ৫ লম্পটৰ ৭জনকৈ পৰিয়ালৰ সদস্য আৰু বন্ধুক। অভিযুক্তক লুকুৱাই ৰখাৰ অভিযোগত মহিলা আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰিছিল দুগৰাকী মহিলাসহ ৭জনকৈ আত্মীয়-বন্ধুক। আত্মীয়-বন্ধুক জেৰা কৰাৰ পাছতেই মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকিক।













