জয়েণ্ট এণ্ট্ৰেন্স মেইন (Joint Entrance Examination) অৰ্থাৎ জে ই মূল পৰীক্ষাৰ সূচী সলনি কৰা হৈছে। সোমবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা নিয়ন্ত্রক সংস্থা (নেচনেল টেষ্টিংএজেন্সি)ই এক বিজ্ঞপ্তিত জনাইছে, জয়েণ্ট এণ্ট্ৰেন্স মেইন পৰীক্ষা ১৬ এপ্রিলৰ পৰা ২১ এপ্রিলৰ পৰিৱর্তে ২১ এপ্রিলৰ পৰা ৪ মে’লৈ অনুষ্ঠিত হ’ব।
আনহাতে, আইএছচি পৰীক্ষাৰ সূচীৰ সৈতে মিল আছে জয়েণ্ট এণ্ট্ৰেন্স মেইন পৰীক্ষাৰ সূচীৰ। ফলত তেনে ক্ষেত্রত উক্ত পৰীক্ষাৰ সূচী সলনিৰ সম্ভাৱনাও সৃষ্টি হৈছে।
জয়েণ্ট এণ্ট্ৰেন্স মেইন পৰীক্ষাৰ নতুন সূচী অনুযায়ী ২১, ২৪, ২৫, ২৯ এপ্রিল, ১ আৰু ৪ মে’ত পৰীক্ষা অনুষ্ঠিত হ’ব।