নিউজ ডেক্স:
আৰক্ষীৰ কামত মহিলা-পুৰুষৰ কোনো ভেদাভেদ নাই। কিন্তু বিশেষ কিছু ক্ষেত্রত মহিলা আৰু পুৰুষসকলৰ বাবে নিয়ম পৃথক। তেনে এটি নিয়ম হ’ল, মহিলা আৰক্ষীৰ ইউনিফর্মৰ জোখ লয় মহিলা দৰ্জীয়ে। কিন্তু তাৰ সলনি দেখা গ’ল পুৰুষ দৰ্জীক! এনে এখন ছবি ভাইৰেল হৈছে নেট মাধ্যমত। যাক কেন্দ্ৰ কৰি নতুন বিতর্কৰ সৃষ্টি হৈছে।
সূত্রৰ খবৰ মতে, ঘটনাটি ঘটিছে অন্ধ্রপ্রদেশৰ নেল্লোৰ জিলাত। নেল্লোৰ আৰক্ষীৰ আত্মাকুৰু আৰু কাভালি বিভাগত একেলগে পুৰুষ আৰু মহিলা আৰক্ষীৰ পোছাক চিলোৱা হয়। তাতেই মহিলা কর্মচাৰীসকলৰ সৈতে পুৰুষসকলৰো পোছাকৰ জোখ লোৱা হয়। কিন্তু নেট মাধ্যমত ভাইৰেল ছবিত দেখা গৈছে যে মহিলাসকলৰ পোছাকৰ মাপ লৈছে এজন পুৰুষ দৰ্জীয়ে! তাতেই ক্ষোভিত হৈ পৰিছে নেটিজেনসকল৷
ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগেই নেল্লোৰৰ আৰক্ষী বিষয়া বিজয়া ৰাৱে জনাইছে, মহিলা আৰক্ষীৰ পোছাকৰ বিষয়টিৰ তদন্ত আৰম্ভ হৈছে। মহিলা আৰক্ষীসকলৰ বাবে পৃথকে মহিলা দৰ্জীও নিয়োগ কৰা হৈছে। মহিলাসকলৰ গোপনীয়তা উলঙ্ঘনৰ বিষয়টিৰ বিৰুদ্ধেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ জনায়। আনহাতে, বিষয়টোক লৈ ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণো আৰম্ভ হৈছে৷