![]()
সাক্ষাৎকাৰ বিশেষঃ
আমাক সৌন্দৰ্য্যই আকৃষ্ট কৰে। সেয়া লাগিলে কোনো লোকৰেই হওঁক অথবা প্ৰকৃতিৰেই হওঁক। আমি যিকোনো বস্তুৰ সুন্দৰতাক উপভোগ কৰোঁ। এতিয়া ধৰি লওঁক, আমি যেতিয়া যিকোনো এখন ফটো আপলোড কৰোঁ সেইখন ফটোক মোবাইলত উপলব্ধ এপৰ দ্বাৰা সেইখন অকণমান সুন্দৰ কৰিবলৈ পালে ভালপাওঁ। ঠিক তেনেদৰে, বৰ্তমান সময়ত আমি ক’ৰবালৈ গ’লে অকণমান প্ৰসাধন লগাইহে ওলাবলৈ বিচাৰোঁ।
মেকআপ, মেকআপ কি আৰু কেনেদৰে কৰা হয় সেইবোৰ গুৰু-গম্ভীৰ বিষয়লৈ আমি নাযাওঁ। আমি প্ৰত্যেকেই বুজি উঠিছোঁ যে আজিৰ দিনত এগৰাকী মেকআপ আৰ্টিষ্টৰ প্ৰয়োজনীয়তা কিমান বেছি! অথবা “মেকআপ আৰ্টিষ্ট” ৰ কেৰিয়াৰ জীৱিকা উত্তৰণৰ ক্ষেত্ৰত কিমান সহায়ক আমাৰ সকলোৰে বোধগম্য। আজি আমি এগৰাকী মেকআপ আৰ্টিষ্টৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ, তেওঁৰ নাম হৈছে বিনীতা ৰাজখোৱা (Binita Rajkhowa)। নিজেই এগৰাকী মেকআপ আৰ্টিষ্ট হোৱাৰ উপৰিও তেওঁ বহুতো ছাত্ৰ-ছাত্ৰী মেকআপৰ শিক্ষা প্ৰদান কৰি আহিছে। আহক চোন তেওঁৰ বিষয়ে সবিশেষ জানোঁঃ

প্ৰশ্নঃ কেৰিয়াৰ হিচাবে আপুনি এগৰাকী “মেকআপ আৰ্টিষ্ট” কে কিয় গ্ৰহণ কৰিলে?
Binita Rajkhowa- সাধাৰণতে এনে হয় যে কেৰিয়াৰ বুলি ক’লে আমি কেৱল ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক, পাইটলৰে কথা ক’বলৈ বিচাৰোঁ। কিন্তু এনে কিছুমানো কেৰিয়াৰৰ প্ৰসংগ থাকে যিসমূহ আমি প্ৰায় কেৰিয়াৰ হিচাবে গুৰুত্বপূৰ্ণ বুলি নাভাবোঁ। ইয়াৰ মাজৰেই এটা হৈছে “মেকআপ আৰ্টিষ্ট”। মেকআপটো হৈছে এনে এক বস্তু যিটো বহু যুগৰ আগৰ পৰাই প্ৰচলিত, ৰজা-মহাৰজাৰ দিনত ইয়াক “শৃংগাৰ” বুলি কোৱা হৈছিল।


মানুহে সেইটো প্ৰকৃতিৰ বহু উপাদানক লৈয়ে প্ৰসাধন সমূহ তৈয়াৰ কৰিছিল। যেতিয়া আমি “মেকআপ আৰ্টিষ্ট” বুলি কওঁ, তাত সময়ৰ লগে লগে কিছুমান কাৰিকৰী বিদ্যা সন্নিৱিষ্ট হৈ থাকে। আৰু যেতিয়া এই সকলো বিদ্যাৰ আপুনি অৱগত হ’ব তেতিয়া আপুনি নিজক এগৰাকী “মেকআপ আৰ্টিষ্ট” হিচাবে চিনাকী দিবলৈ সক্ষম হ’ব। মোৰ মতে, মেকআপ আৰ্টিষ্ট হিচাবে যিহেটো কোৱা হয়, গতিকে এয়া একধৰণৰ আৰ্ট। যেনদৰে চিত্ৰকাৰে ছবি আঁকে, সংগীতকাৰে সংগীতৰ প্ৰস্তুত কৰে ঠিক তেনেদৰে মেকআপ আৰ্টিষ্ট এগৰাকীয়ে হাতৰ বিদ্যাৰে বহুধৰণৰ প্ৰক্ৰিয়াৰে কোনো এজন ব্যক্তিক সুন্দৰকৈ সঁজাই উলিয়াই আনে অৰ্থাৎ বেলেগ এটা ৰূপ দিয়ে।



মই এইটোও ক’ব বিচাৰিম যে, আজি আমি কেৱল মেকআপ কৰিলেই নহ’ব। আমি আমাৰ বিভিন্ন সংস্কৃতিৰ সৈতেও খাপ খাব লাগিব। মই কেৱল অসমীয়া লোককেই মেকআপ নকৰোঁ, বিভিন্ন ভাষা-সম্প্ৰদায়ৰ লোকৰ সৈতেও মই জড়িত হৈ থাকোঁ। ফলত এই আটাইবোৰ বস্তু বৈজ্ঞানিক তথা কাৰিকৰীভাৱে আপুনি জানিব লাগিব, গভীৰভাৱে হৃদয়ংগম কৰি পঢ়িব লাগিব। এই আটাইবোৰ বস্তুক মই সাংঘাতিক ভাল পাইছিলোঁ আৰু সেইবাবে মই কেৰিয়াৰটো নিৰ্বাচন কৰিছিলোঁ।
প্ৰশ্নঃ পেছাগতভাৱে আপুনি কেতিয়াৰ পৰা “মেকআপ” আৰ্টিষ্ট হিচাবে কাম কৰিবলৈ আৰম্ভ কৰিছিল?
Binita Rajkhowa- মই পেছাগত ভাৱে মেকআপ সৰুৰ পৰাই নিজৰ লগতে কৰা আৰম্ভ কৰিছিলোঁ। বিয়া খাবলৈ গ’ল বা কোনো অনুষ্ঠানত গ’লে কইনা গৰাকীক অথবা মেকআপ কৰি অহা কোনো মহিলাক লক্ষ্য কৰোঁ, নিজৰ মাজতেই ভাবি উলিয়াও যে তেওঁক আৰু কেনেধৰণে ধুনীয়া কৰিব পৰা যায়! পিছলৈ সুযোগ উলিয়াই নিজৰ পৰিয়ালতে কোনো অনুষ্ঠান হ’লে সম্বন্ধীয় লোক সকলক মেকআপ কৰি দিওঁ।


পৰৱৰ্তী সময়ত যেতিয়া মই স্নাতক শিক্ষা গ্ৰহণৰ বাবে গুৱাহাটীলৈ আহোঁ তেতিয়া মোৰ খুবেই চিনাকী এজন মেকআপ আৰ্টিষ্ট দিলীপ ফুকনক লগ পালোঁ, তেখেতে মোক নিউজ লাইভ চেনেলত মেকআপ আৰ্টিষ্ট হিচাবে কাম কৰিবলৈ দিছিল। তাৰ পিছত ১৪ বছৰ মই নিউজ লাইভত মই কাম কৰিছিলোঁ, ২০১৮ চনত “শ্ৰেষ্ঠ মেকআপ আৰ্টিষ্ট” ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। অৱশ্যে,২০১৭ চনৰ পৰাই মই সমগ্ৰ অসমৰ লগতে অসমৰ বাহিৰত বিভিন্ন ঠাইত মেকআপ কৰিছোঁ। বহুত মিউজিক ভিডিঅ’ত মই কাম কৰিছোঁ।



উল্লেখ্য যে, মই এই কেৰিয়াৰ টোক আৰু এঢাপ ওপৰলৈ নিয়াৰ উদ্দেশ্য নৱতেল হোটেলৰ সমীপত “বিনীতা ৰাজখোৱা ইনষ্টিটিউট” নামে এখন মেকআপ প্ৰতিষ্ঠান খুলিছোঁ। নৱপ্ৰজন্মৰ ছাত্ৰ- ছাত্ৰী সকলক মেকআপৰ শিক্ষা প্ৰদানৰ বাবেই মই আচলতে এই পদক্ষেপ হাতত লৈছিলোঁ। আৰম্ভণি হৈছিল নিউজ লাইভৰ পৰা আৰু এতিয়া মই এনেকৈ ব্ৰৰ্তী আছোঁ এই কৰ্মত……
প্ৰশ্নঃ নৱপ্ৰজন্মৰ যুৱক-যুৱতীয়ে যদি এই কেৰিয়াৰটো গ্ৰহণ কৰিবলৈ বিচাৰে তেতিয়াহ’লে আপোনাৰ ফালৰ পৰা কি উপদেশ হ’ব?
Binita Rajkhowa- মোৰ ফালৰ পৰা উপদেশ এটাই থাকিব, যিটো মই আপোনাৰ প্ৰশ্নৰ উত্তৰত পূৰ্বেও কৈছোঁ। মেকআপৰ পৰিসীমাটো বৰ বহল আচলতে, আপুনি অসমীয়া ছোৱালী জনীৰ বিয়াত আৰু বেংগলী ছোৱালী জনীৰ বিয়াত তেওঁলোকক কৰা মেকআপৰ মাজত পাৰ্থক্য থাকিব। আৰু ইয়াৰ বাবে তেওঁলোকৰ সংস্কৃতিৰ বিষয়েও আপুনি জানিব লাগিব। এতিয়াৰ পৰাই যিসকলে এই আৰ্টটোক কেৰিয়াৰ হিচাবে গ্ৰহণ কৰিব বিচাৰিছে তেওঁলোক এই বিষয়টোক গুৰুত্বপূৰ্ণ হিচাবে ল’ব লাগিব।


কাৰণ, মেকআপ কৰি কাৰোবাক ধুনীয়া কৰি অনাটো ইমান সহজো নহয়। কোনো লোকৰ মুখৰ ওপৰত পঢ়িব লাগিব, মানুহৰ “Shapes of face”, “Shapes of Eyes” ৰ ওপৰত অধ্যয়ন কৰিব লাগিব। এই প্ৰত্যেকটো বস্তু গুৰুত্বসহকাৰে লৈ অভ্যাস কৰি যাব লাগিব। আনুষ্ঠানিক শিক্ষাটো লাগিব বুলি মই একাষাৰেই ক’ম।
প্ৰশ্নঃ অনাগত দিনৰ আপোনাৰ পৰিকল্পনা কেনেধৰণৰ?
Binita Rajkhowa- পৰিকল্পনা বুলিবলৈ গ’লে ঠিক তেনেদৰে মই ক’ব নোৱাৰিম। মই নিজৰ প্ৰতিষ্ঠানখনৰ লগতে বৰ্তমান ব্যস্ত আৰু শেহতীয়াকৈ মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেকআপ শিকিলোঁ। অৱশ্যে, এছিয়ান মেকআপ, ট্ৰাবিৰিয়ান, মংগোলীয়ান মেকআপ সমূহৰ ওপৰত মোৰ অধ্যয়ন কৰিবলৈ ইচ্ছা আছে।














