![]()
নিউজ ডেস্কঃ
উত্তৰ-পূৰ্বাঞ্চলত প্ৰতি বছৰে ৪৫ হাজাৰ কৰ্কট ৰোগী চিনাক্ত হয়। তাৰ ৩৪হাজাৰ কেৱল অসমৰ। ভাৰতৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলতে কৰ্কট ৰোগী সংখ্যা বেছি। মিজোৰাম, অৰুণাচল, মেঘালয় আৰু কামৰূপ(ম) জিলাত কৰ্কট ৰোগী হাৰ সৰ্বাধিক – এই ভয়ংকৰ তথ্য প্ৰদান গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডা: অমল চন্দ্ৰ কটকী। বিশ্ব কৰ্কট দিৱসৰ দিনটোত ডা: কটকীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে দেশত প্ৰতিবছৰে প্ৰায় ১ লাখ ৪০ হাজাৰ নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হয়। প্ৰতি একলাখ মানুহৰ ভিতৰত গড়ে ৯০-১২০গৰাকী লোক কৰ্কট ৰোগত আক্ৰান্ত হয়। কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰামত প্ৰতি একলাখৰ ভিতৰত ২৭০জন, অসমৰ কামৰূপ মহানগৰত ২১৭জন আক্ৰান্ত হয় কৰ্কটত। যাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক কৰ্কট ৰোগৰ ৰাজধানী বুলি কোৱা বুলিও তেওঁ কয়।
মূলতে ধপাত সেৱন, মদ্যপান আৰু খাদ্য প্ৰণালীৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ। উত্তৰ-পূৰ্বাঞ্চলত ধপাত সেৱনৰ ফলত হোৱা কৰ্কট ৰোগী হাৰ বেছি। ধপাত সেৱনৰ হাৰ দেশত ২৮% কিন্তু অসমত ৪৮%, আৰু মিজোৰাম আৰু মেঘালয়ত ৭০%- চিকিৎসক গৰাকীয়ে কয়।
চিকিৎসালয়খনে ধপাত সেৱনৰ ফলত কৰ্কট হোৱা ৫০% পুৰুষ আৰু ২৫% মহিলা ৰোগী বৰ্তমানলৈ পাইছে। ইয়াৰ উপৰিও মহিলাৰ স্তন আৰু জৰায়ু কৰ্কট ৰোগী হাৰ বৃদ্ধি পোৱা বুলি তেওঁ কয়।

চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়া মতে অসমত প্ৰায় ৫৯% পুৰুষ আৰু ২৯% মহিলাই মদ্যপান কৰে। বিশেষকৈ নাগালেণ্ড, চিকিম, মণিপুৰত খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে খৰি ব্যৱহাৰ কৰে বাবে বেছিভাগ মহিলাৰ হাওফাওৰ কৰ্কটত ৰাজ্যকেইখনত আক্ৰান্ত হয় বুলিও তেওঁ কয়।
কৰ্কট দিৱসৰ বিশেষ দিনটোত জনসাধাৰণক আহ্বান জনায় সঞ্চালক গৰাকীয়ে কয়-শাৰীৰিক পৰিশ্ৰম কৰাৰ লগতে বেলেঞ্চ ডায়েট খাব লাগে, তাপোল পান, মদ, ধপাত সেৱন বৰ্জন কৰিব লাগে। অধিক পৰিমাণৰ সেউজীয়া শাক পাচলি, বতৰৰ ফল, পাচলি খাব লাগে। ইফালে কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণৰ বিষয়ে সজাগ হ’ব লাগে। প্ৰাক অৱস্থাৰ পৰা কৰ্কট ৰোগ হ’বলৈ ৫-১০ বছৰ সময় লাগে। কিয়নো কৰ্কট ৰোগ প্ৰথম অৱস্থাত চিনাক্ত হ’লে ৮০% ৰোগ মুক্ত কৰিব পাৰি। কৰ্কট ৰোগৰ সজাগতাৰ অভাৱৰ লগতে অন্য কাৰণত প্ৰায় দুই-তৃতীয়াংশ ৰোগী পলমকৈ চিকিৎসালয়লৈ আহে।













