লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইত কাৰ্টুনত উদ্ধাৰ এটি মৃত নৱজাত দেৱশিশু। হোজাইৰ ঠিকাদাৰ বস্তিৰ ই এন টি নলাৰ সমীপত উদ্ধাৰ শিশুটি। এদিন-দুদিন পূৰ্বে জন্মহোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ। স্হানীয় ৰাইজে কাৰ্টুনটো প্ৰত্যক্ষ কৰি খৱৰ দিয়ে যোগীযান আৰক্ষীক।
পিছত ঘটনাস্থলীত যোগীযান আৰক্ষী উপস্থিত হৈ মৃত শিশুটি উদ্ধাৰ কৰাৰ লগতে শিশুটিৰ মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হ’ব বুলি জানিবলৈ দিয়ে। কোনো অজ্ঞাত লোকে নিজৰ কু-কৰ্ম লুকুৱাবলৈ গৈ এনে কাৰ্য্য সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে।