ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

টিহুৰ প্ৰখ্যাত বস্ত্ৰ ব্যৱসায়ী উদয় চন্দ্ৰ কলিতাৰ মৃত্যু : মন্ত্ৰী ৰঞ্জিৎ দাসৰ শোক প্ৰকাশ

News Desk by News Desk
January 24, 2022
Reading Time: 1 min read
A A
0
টিহুৰ প্ৰখ্যাত বস্ত্ৰ ব্যৱসায়ী উদয় চন্দ্ৰ কলিতাৰ মৃত্যু : মন্ত্ৰী ৰঞ্জিৎ দাসৰ শোক প্ৰকাশ

New Logo Very Smal | ASSAM TIMES POST
নলবাৰীৰ প্ৰতিবেদক

RELATED POSTS

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

নলবাৰী জিলাৰ টিহুৰ সমাজ জীৱনৰ অন্যতম মহীৰূহ, প্ৰখ্যাত স্বাভিমানী বস্ত্ৰ ব্যৱসায়ী, বিশিষ্ট সমাজকৰ্মী তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য উদয় চন্দ্ৰ কলিতাৰ মৃত্যুত আজিও শোক স্তব্ধ হৈ আছে বৃহত্তৰ টিহু অঞ্চল। ২৪ জানুৱাৰীৰ পুৱা খাদ্য আৰু অসামৰিক যোগান আদি বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিৎ কুমাৰ দাসে প্ৰতিষ্ঠিত ব্যৱসায়ী কলিতাৰ বাসগৃহত উপস্থিত হৈ বিশিষ্ট সমাজ সেৱকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ সদ্যবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰী দাসে কলিতাৰ মৃত্যুত বৃহত্তৰ টিহু অঞ্চলৰ সমাজ জীৱনত কিছু হ’লেও শূন্যতাৰ সৃষ্টি হোৱা বুলি অভিহিত কৰে।

TIHU 1 1 | ASSAM TIMES POST

ইপিনে, লব্ধপ্ৰতিষ্ঠিত ব্যৱসায়ী কলিতাৰ ব্যয়সায়িক প্ৰতিষ্ঠান ‘কলিতা ষ্টোৰ’ৰ সন্মুখত অনুষ্ঠিত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শতাধিক দল-সংগঠনে কলিতাৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। টিহু নগৰ উন্নয়ন সমিতি, টিহু আঞ্চলিক উন্নয়ন সমিতি, টিহু ৰাজহুৱা পুথিভঁৰাল সমিতি আৰু টিহু চেম্বাৰ অব কমাৰ্চৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত টিহু হৰিমন্দিৰ সমিতি, টিহু নগৰ উন্নয়ন সমিতি, টিহু আঞ্চলিক উন্নয়ন সমিতি, টিহু ৰাজহুৱা পুথিভঁৰাল সমিতি, টিহু চেম্বাৰ অব কমাৰ্চ, টিহু শ্ৰীশ্ৰী দুৰ্গা পূজা সমিতি, ৰাস মহোৎসৱ সমিতি, টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদ, টিহু আঞ্চলিক ইলোৰা বিজ্ঞান মঞ্চ, টিহু আঞ্চলিক ছাত্ৰ সন্থা, টিহু স্প’ৰ্টছ এছোছিয়েচন, বালিপাৰা গাঁও উন্নয়ন সমিতি, মাখিবাহা গ্ৰামোন্নয়ন সমিতি, মাখিবাহা ক্ৰীড়া সংঘ, দক্ষিণ মথুৰাপুৰ–বৰ মাখিবাহা হৰিমন্দিৰ সমিতি, টিহু সাহিত্য সভা, টিহু মহকুমা সাংবাদিক সন্থা, টিহু টাউন ক্লাব, অসম নাট্য সন্মিলনৰ টিহু শাখা, টিহু শাখা লেখিকা সমাৰোহ সমিতি, ভালুকী গৰখীয়া গোঁসাই থান সমিতি, বিজেপিৰ টিহু মণ্ডল সমিতি, টিহু বজালী সংগ্ৰামী সতীৰ্থ মঞ্চ, টিহু জ্যেষ্ঠ নাগৰিক সন্মিলন, টিহুৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ, টিহু গান্ধী ভৱন সমিতি, টিহু মৃত্যুঞ্জয় গোষ্ঠী, টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰ, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মুকুন্দ শৰ্মা, নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডঃ সুৰজিৎ বৰ্মন, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, টিহু শ্ৰীশ্ৰী দুৰ্গা পূজা সমিতিৰ সম্পাদক হীৰেন তালুকদাৰ, টিহু মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা কিশোৰ কুমাৰ শৰ্মা, বিজেপিৰ নলবাৰী জিলা সমিতিৰ উপ-সভাপতি দুলাল দাস, অগপ নেতা হৰেকৃষ্ণ মেধি, চিপিআই (এম) নেতা কৰুণা কলিতা, শ্ৰমিক নেতা শৈলেন গোস্বামী, কংগ্ৰেছ নেতা সুনীল পৱন পাঠক, প্ৰাক্তন ছাত্ৰ নেতা শংকৰ কুমাৰ দাস, শিক্ষাব্ৰতী প্ৰমোদ ডেকা, সাংবাদিক অজিত কুমাৰ শৰ্মা, সমাজকৰ্মী গনেশ দত্তকে ধৰি অঞ্চলটোৰ প্ৰায়সংখ্যক শিক্ষানুষ্ঠানৰ প্ৰতিনিধি প্ৰমুখ্যে শতাধিক দল-সংগঠন তথা ব্যক্তি বিশেষে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে। টিহু মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা বিমান কলিতাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী হেমন্ত তালুকদাৰে বৰগীত পৰিৱেশন কৰি সকলোকে আৱেগিক কৰি তোলে।

ইয়াৰ পাছতে হোৱা এক শোক সমদলৰ অন্তত টিহু ৰাজহুৱা শ্মশানত শোকাকুল পৰিৱেশৰ মাজত অগণন গুনমুগ্ধৰ উপস্থিতিত বিশিষ্ট নাগৰিক কলিতাৰ শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে, আজি আবেলি দুই বজাৰপৰা চাৰি বজালৈ মৃতকৰ প্ৰতি সন্মান জনাই টিহু নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হয়। উল্লেখযোগ্য যে ২৩ জানুৱাৰীৰ আবেলি টিহুৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, বিশিষ্ট সমাজকৰ্মী তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য উদয় চন্দ্ৰ কলিতাৰ বাৰ্ধক্যজনিত কাৰণত টিহু নগৰৰ নিজৰ বাসগৃহত দেহাৱসান হয়।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
ADVERTISEMENT
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx