নিউজ ডেস্কঃ
গণতন্ত্র দিৱসত আক্ৰমণৰ ষড়যন্ত্ৰ সন্ত্ৰাসবাদীৰ। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ওপৰত আক্ৰমণ সংঘটিত হ’ব পাৰে বুলি সাৱধানবাণী চোৰাংচোৱা বিভাগৰ। অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ওপৰতো আক্ৰমণৰ আশংকা কৰা হৈছে।
এক সর্বভাৰতীয় সংবাদ মাধ্যমে চোৰাংচোৱা বিভাগৰ ৰিপোর্টৰ ভিত্তিত এই কথা প্ৰকাশ কৰিছে। তাত কোৱা হৈছে যে দেশৰ ৭৫ সংখ্যক গণতন্ত্র দিৱসত আক্ৰমণৰ আশঙ্কা আছে প্রধানমন্ত্রী আৰু অভ্যাগতসকলৰ ওপৰত। এই বছৰ কুচকাৱাজ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হ’ব পাৰে কাজাখস্তান, কিৰ্গিজস্তান, তাজাকিস্তান, তুর্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্রনায়কসকলক। ৰিপোর্টত কোৱা হৈছে, আক্ৰমণৰ আশঙ্কা আছে পাকিস্তান আৰু পাকিস্তান-আফগানিস্তান অঞ্চলৰ সন্ত্ৰাসবাদী সংগঠনবোৰৰ পৰা। সংগঠনবোৰৰ লক্ষ্য অভ্যাগতসকল। ইয়াৰ উপৰি ভিৰ এলেকা, জনসমাবেশ আৰু গুৰুত্বপূর্ণ অট্টালিকাও আছে লক্ষ্যত।
এই সন্ত্ৰাসবাদীৰ নেপথ্যত আছে লস্কৰ-ই-তৈবা, দ্য ৰেজিষ্টেন্স ফৰ্চ, জইশ-ই-মহম্মদ, হৰকত-উল মুজাহিদিন, হিজবুল মুজাহিদিন। পাকিস্তানত অৱস্থিত খালিস্তানি সন্ত্ৰাসবাদী সংগঠনবোৰো সক্রিয় হোৱাৰ খবৰ পোৱা গৈছে। সেইবোৰে পঞ্জাব আৰু অন্যান্য ৰাজ্যত কূটাঘাতমূলক কাৰ্যৰ ষড়যন্ত্ৰ ৰচিছে।