![]()
নিউজ ডেস্কঃ
সাম্প্রতিক এক গৱেষণাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি গৱেষকসকলে স্পষ্ট কৰি দিছে কোভিড সংক্রমণ ৰুধিবলৈ কি মাস্ক কিমান সক্ষম।
যদি এজন মাস্ক নিপিন্ধা কোভিড আক্রান্ত ব্যক্তিৰ ওচৰত এন-৯৫ মাস্ক পিন্ধা এজন সুস্থ ব্যক্তি থাকে তেন্তে তেওঁক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে প্রায় আঢ়ৈ ঘণ্টা। আৰু যদি ৰোগী আৰু এজন সাধাৰণ মানুহ দুয়োজনেই মাস্ক পিন্ধি থাকে তেন্তে কোভিড ৰোগীৰ পৰা সুস্থ ব্যক্তিজনৰ শৰীৰলৈ সংক্রমণ বিয়পিবলৈ সময় লাগে প্রায় ২৫ ঘণ্টা।
কিন্তু সাধাৰণতে মানুহৰ সাধাৰণ কাপোৰৰ মাস্ক পিন্ধাৰ প্ৰতি প্রবণতা বেছি দেখা গৈছে। এই ক্ষেত্ৰত সতর্ক কৰি দিছে গৱেষকসকলে। তেওঁলোকৰ বক্তব্য, অ’মিক্রন ৰুধিবলৈ এই মাস্ক একেবাৰেই কার্যকৰী নহয়। গৱেষণা মতে, কোনো কোভিড আক্রান্তৰ সন্মুখত যদি এনে ধৰণৰ এক তৰপীয়া কাপোৰৰ মাস্ক পিন্ধি যোৱা হয় তেনেহ’লে মাত্র ২০ মিনিটতে এজন সুস্থ ব্যক্তি কোভিডত আক্রান্ত হ’ব পাৰে। ৰোগী আৰু সুস্থ ব্যক্তি দুয়োজনেই যদি এই মাস্ক পিন্ধি থাকে তেন্তে সংক্রমণ বিয়পিবলৈ সময় লাগে মাত্র ২৭ মিনিট।
সেয়েহে এনে অৱস্থাত কাপোৰৰ মাস্কৰ সলনি ছার্জিকেল মাস্ক পৰিধান কৰাটো বেছি কার্যকৰী বুলি গৱেষকসকলৰ মত। এখন ছার্জিক্যাকে মাস্কে সংক্রমণৰ পৰা এজন সুস্থ ব্যক্তিক ৰক্ষা কৰিব পাৰে প্রায় ৩০ মিনিট।













