![]()
স্বাস্থ্য প্ৰতিবেদন:
ইউৰিক এচিড হোৱা মানেই বহু ধৰণৰ খাদ্য খোৱাৰ ক্ষেত্রত বাধা-নিষেধ সৃষ্টি হয়। পালেং শাক, বিলাহী, মচুৰ দাইল, পঠাৰ মাংস আদিৰ পৰা দূৰৈত থাকিবলগা হয়। কিন্তু কিন্তু কেৱল এইবোৰ নাখালেই ইউৰিক এচিড কমিব নেকি? তাৰ লগতে ধূমপান আৰু এলকহলৰ অভ্যাস একেবাৰেই ত্যাগ কৰিব লাগিব।
দীর্ঘ সময় বহি থাকিলে যেহেতু ইউৰিক এচিড বাঢ়ি যায়, সেয়ে নিয়মিত শৰীৰচর্চা কৰাও জৰুৰী। সেয়ে বিশেষজ্ঞসকলৰ পৰামর্শ, প্রতিদিনে ৩০ মিনিট বহাৰ পিছত প্ৰায় ৩ মিনিট খোজকাঢ়ক। প্রতিদিনে যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক। শৰীৰচর্চাৰ লগে লগে কিন্তু পর্যাপ্ত পৰিমাণে পানী খোৱা আৰু টোপনি যোৱাও জৰুৰী।
কি নাখাব?
বিলাহীৰ খাদ্য, কেনড ড্রিঙ্কছ, চকলেট, চিপছ, বিস্কুট আৰু পেকেজড ফুড একেবাৰেই নাখাব। এইবোৰ খোৱাৰ অভ্যাস থাকিলে এতিয়াৰ পৰাই সতর্ক হওক।
কি কি খাব পাৰিব?
ৰন্ধা পালে শাক খাব পাৰে। প্রতি দিনৰ খাদ্য তালিকাত দৈ ৰাখিব পাৰে। দিন ১-২টা কণী খালে কোনো অসুবিধা নাই। মাছ-মাংস একেবাৰে বন্ধ কৰাৰ প্ৰয়োজন নাই, সপ্তাহত ২-৩ দিন মাছ বা মাংস খাব পাৰে।
কোনবোৰ খাদ্য ডায়েটত ৰাখিব?
প্রতি দিনে প্রচুৰ পৰিমাণে পানী খাওক। সতেজ বতৰৰ ফল খোৱাটো জৰুৰী। কল খাব পাৰে, ইয়াৰ ফলত গাঁথিৰ বিষ কমিব। শৰীৰত ভিটামিন বি-১২ৰ পৰিমাণ যাতে বাঢ়ে, তাৰ বাবে গাখীৰ আৰু দৈ খোৱাটো জৰুৰী। বিস্কুটৰ পৰিৱর্তে বাদাম খাওক।













