![]()
স্বাস্থ্য প্ৰতিবেদন:
দাঁতৰ সুৰক্ষাৰ বাবে আমি পুৱা-ৰাতি দুবেলা টুথপেষ্টেৰে দাঁত মাজো। কিন্তু টুথপেষ্টেৰে দাঁত মাজিলে দাঁতৰ বাবে উপকাৰী নে ক্ষতিকাৰক জানেনে? টুথপেষ্টত এনে কিছুমান কেমিকেল আছে যি বহু সময়ত দাঁত ক্ষয়ৰ কাৰণ হৈ উঠে। সেয়ে দাঁতৰ সুৰক্ষাৰ বাবে টুথপেষ্ট ব্যৱহাৰ নকৰাই ভাল। তেনেহ’লে কিহেৰে দাঁত মাজিব? কাৰণ দাঁত মাজাটো জৰুৰী। আহক জানি লওঁ৷
টুথপেষ্টৰ সলনি নাৰিকল তেল আৰু বেকিং চ’ডাৰে এটি পেষ্ট তৈয়াৰ কৰি ব্যৱহাৰ কৰক। ইয়াৰ ফলত দাঁতৰ বিভিন্ন সমস্যা যেনে- দাঁতত হালধীয়া ৰং পৰা, দাঁত ক্ষয় যোৱা আৰু গুৰিত গাঁত হোৱাৰ দৰে সমস্যাৰ পৰা মুক্তি দিয়াত সহায় কৰে।
কেনেদৰে বনাব এই পেষ্ট:
এটি পাত্রত ৩ টেবুল চামুচ নাৰিকল তেল, কেইফোঁটামান মেন্থল তেল আৰু ২ টেবুল চামুচ বেকিং চ’ডা লৈ ভালদৰে মিহলাই এটি পেষ্ট তৈয়াৰ কৰক। তাৰ পিছত উক্ত পেষ্টটিক ব্রাছত লৈ দাঁত ব্রাছ কৰক। আপুনি বিচাৰিলে কেৱল নাৰিকল তেল কিছু সময় মুখত লৈও থাকিব পাৰে।
উপকাৰিতা:
১. নাৰিকল তেলে বেক্টেৰিয়া দূৰ কৰাত সহায় কৰে। কাৰণ নাৰিকল তেলত এণ্টি বেক্টেৰিয়েল উপাদান থাকে।
২. নাৰিকল তেলত থকা উপকাৰী উপাদানে আমাৰ দাঁত ক্ষয় যোৱাৰ পৰা মুক্তি দিয়াত সহায় কৰে। সেয়ে নিয়মিত ব্যৱহাৰ কৰিলে দাঁত ক্ষয় যোৱাৰ পৰা মুক্তি পাব।
৩. নাৰিকল তেলেৰে নিয়মিত দাঁতৰ আলুত ঘঁহক। ইয়াৰ ফলত আলুত গাঁত হোৱা ৰোধ কৰিব।
৪. নাৰিকল তেল-বেকিং চ’ডাৰ মিশ্রণটি দাঁতৰ বাবে অতি উপকাৰী৷ কাৰণ ইয়াত কোনো ক্ষতিকাৰক উপাদান নাই। সেয়ে ই দাঁতৰ সুৰক্ষাৰ লগতে দাঁতৰ হালধিয়া ভাব দূৰ কৰি চকচকীয়া কৰাত সহায় কৰিব।













